ETV Bharat / state

শিৱসাগৰত গাওঁবুঢ়া সকলক স্মাৰ্টফোন প্ৰদান মন্ত্ৰী যোগেন মোহনৰ

author img

By

Published : Jun 17, 2020, 11:41 PM IST

উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এক সভাত বিতৰণ কৰা হয় স্মাৰ্টফোন সমূহ । অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহন আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে বিতৰণ কৰে ফোন সমূহ ।

শিৱসাগৰত গাওঁবুঢ়া সকলক স্মাৰ্টফোন প্ৰদান মন্ত্ৰী যোগেন মোহনৰ
শিৱসাগৰত গাওঁবুঢ়া সকলক স্মাৰ্টফোন প্ৰদান মন্ত্ৰী যোগেন মোহনৰ

শিৱসাগৰ, 17 জুনঃ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহন আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে বুধবাৰে শিৱসাগৰত অসম চৰকাৰৰ দ্বাৰা গাওঁবুঢ়া সকলৰ বাবে প্ৰদান কৰা স্মাৰ্টফোন বিতৰণৰ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মোহনে গাঁওবুঢ়া সকলক চৰকাৰৰ তৃণমূল পৰ্যায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে অভিহিত কৰি কয় যে, চৰকাৰী আঁচনি সমূহ কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত গাওঁবুঢ়া সকলে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে ।

অসম চৰকাৰে তৃণমূল পৰ্যায়ত চৰকাৰৰ চালিকা শক্তিৰ ভূমিকা পালন কৰি অহা গাওঁবুঢ়া সকলৰ সহায়ৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি তেওঁ উল্লেখ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গাওঁবুঢ়া সকলৰ মাননি বৃদ্ধিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে বুলিও উল্লেখ কৰে।

গাওঁবুঢ়া সকলক অসম চৰকাৰে স্মাৰ্টফোন প্ৰদান কৰাৰ এই পদক্ষেপ সময়োপযোগী আৰু অতি আদৰণীয় বুলিও তেওঁ মত প্ৰকাশ কৰে। মন্ত্ৰী গৰাকীয়ে কয় যে, স্মাৰ্টফোনৰ ব্যৱহাৰৰ দ্বাৰা গাওঁবুঢ়া সকলে বৰ্তমানৰ তথ্য-প্ৰযুক্তিৰ যুগত আগুৱাই যাবলৈ সক্ষম হোৱাৰ লগতে কৰ্মক্ষেত্ৰত ইয়াৰ সদব্যৱহাৰৰ দ্বাৰা নিজৰ দায়িত্ব আৰু সেৱা পূর্বতকৈ অধিক ক্ষীপ্ৰতাৰে সম্পন্ন কৰিব পাৰিব।

বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত আৰু এই সন্দৰ্ভত তথ্য প্ৰদানৰ দিশতো স্মাৰ্টফোনৰ ব্যৱহাৰৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। প্ৰশাসন আৰু চৰকাৰৰ ভাৱমূৰ্তি গাওঁবুঢ়া সকলৰ কৰ্মদক্ষতাৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি জিলাখনৰ গাওঁবুঢ়া সকলক তেওঁ চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত নিষ্ঠা আৰু আন্তৰিকতাৰে কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনায়।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.