ETV Bharat / state

Operation against Child marriage: বাল্য বিবাহ বিৰোধী অভিযানত শিৱসাগত ১৩ জন লোকক আটক - বাল্য বিবাহ বিৰোধী অভিযান

মূখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে বাল্য বিবাহৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা দেখা গৈছে শিৱসাগৰ আৰক্ষীক (Mission against Child marriage)। শিৱসাগৰ আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযানত সময়ত জিলাখনত বৰ্তমানলৈকে আটক হৈছে 13 জন লোক ৷

Mission against Child marriage
শিৱসাগৰ আৰক্ষীৰ নেতৃত্বত বাল্য বিবাহ বিৰোধী অভিযান
author img

By

Published : Feb 3, 2023, 10:22 AM IST

শিৱসাগৰ আৰক্ষীৰ নেতৃত্বত বাল্য বিবাহ বিৰোধী অভিযান

শিৱসাগৰ, 3 ফেব্ৰুৱাৰী : ৰাজ্যত আৰম্ভ হৈছে বাল্য বিবাহ বিৰোধী অভিযান (Child Marriage in Assam)৷ সামাজিক ব্যাধি বাল্যবিবাহ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰখনে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে (Operation against Child marriage) ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰঠোৰ নিৰ্দেশনা প্ৰদানৰ পিচতেই তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন ৷

নাবালিকাক বিয়া পতা স্বামী তথা পৰিয়ালৰ বিৰুদ্ধে ৰাজ্যখনৰ আৰক্ষীয়ে কঠোৰ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷ ব্যতিক্ৰম নহয় শিৱসাগৰ আৰক্ষীও । শিৱসাগৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলায় । ওৰেটো নিশা চলোৱা এই অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় কেইবাগৰাকীও নাবালিকাৰ স্বামীক ৷ শিৱসাগৰ নগৰৰ সমীপৰ অৰ্জুনগুৰিৰ পৰা আটক কৰা হয় মনমোহন চুংক্ৰাং (২৩) নামৰ যুৱকজনক । যুৱকজনৰ স্থায়ী ঘৰ ঢকুৱাখনাৰ ঘিলামৰাত বুলি জানিবলৈ পৰা গৈছে (Operation against Child marriage in Sivasagar) ।

যুৱকজনৰ লগতে শহুৰ এলেন দ'লে আৰু ৰেণুমাই দ'লেক আটক কৰে আৰক্ষীয়ে । একেধৰণে নাবালিকাক বিয়া পতা বিন ৱাহিদ লস্কৰৰ পিতৃ-মাতৃ আলাউদ্দিন লস্কৰ আৰু চোৱাৰেন নিচা লস্কৰৰ লগতে শহুৰ ইছমাইল আলীকো আটক কৰে শিৱসাগৰ আৰক্ষীয়ে । স্বামী বিন ৱাহিদ লস্কৰৰ ঘৰ কৰিমগঞ্জত বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । শিৱসাগৰৰ অৰ্জুনগুৰিত ভাড়াতীয়া হিচাপে পৰিয়াল সহ আছিল বিন ৱাহিদ ৷ বৰ্তমান পলাতক অৱস্থাত আছে বিন ৱাহিদ ।

একদৰে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নাবালিকাক বিয়া পতা চাহিৰ আলিৰ পিতৃ-মাতৃ আব্দুল চাহাবুদ্দিন আৰু আফিয়া বেগমক ৷ অৱশ্যে আটক স্বামী চাহিৰ আলি বৰ্তমান পলাতক । চাহিৰ আলিৰ ঘৰ দৰবাৰ ফিল্ডত । নাবালিকাক বিয়া পতা আব্দুল মুজিদৰ খুড়াক আৰু আইতাক ক্ৰমে আনাৰ হুছেইন আৰু ৰাবিয়া বেগমক আটক কৰে আৰক্ষীয়ে । পলাতক অৱস্থাত আছে স্বামী আব্দুল মুজিদ । আব্দুল মুজিদৰ ঘৰ দৰবাৰ ৰোডত ।

ইয়াৰোপৰি, নাবালিকাক বিয়া পতা মহচিন আলি পিতৃ ক্ৰমে ইদুল আলি আৰু ৰজিনা বেগমক আটক কৰে আৰক্ষীয়ে । স্বামী মহচিন আলি বৰ্তমান পলাতক ৷ মহচিন আলিৰ পত্নী জোণমনি বেগমকো আটক কৰে আৰক্ষীয়ে ।

মহচিন আলিৰ ঘৰ ৰংঘৰ চাৰিআলিত বুলি জানিবলৈ পৰা গৈছে ৷ শিৱসাগৰত আৰক্ষীয়ে পৰিয়ালসহ মুঠ ১৩ জন লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ শিৱসাগৰ আৰক্ষীয়ে নিশা চলোৱা অভিযানত এগৰাকী স্বামীক আটক কৰাৰ বিপৰীতে বাকী চাৰিজন স্বামী বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Operation against Child marriage: বাল্যবিবাহৰ লগত জড়িত স্বামীক ধৰিবলৈ সাজু মৰিগাওঁ আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.