ETV Bharat / state

শিৱসাগৰ জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় ঘেৰাও - শিৱসাগৰ

নিৰ্মাণ শ্ৰমিকৰ বহুকেইটা সমস্যা সমাধানৰ দাবীৰে ঘেৰাও শিৱসাগৰ জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় ৷ ক'ভিড-19 অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ঘোষণা কৰা লকডাউনৰ বাবে ক্ষতিপূৰণৰ দাবী উত্থাপন কৰাৰ লগতে নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ ৰক্ষা কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷

শিৱসাগৰ জিলা শ্ৰম বিষয়া কাৰ্যালয় ঘেৰাও

author img

By

Published : Nov 23, 2020, 7:21 PM IST

শিৱসাগৰ, 23 নৱেম্বৰ : সদৌ অসম নিৰ্মাণ শ্ৰমিক সন্থাৰ আহ্বানত নিৰ্মাণ শ্ৰমিকে ঘেৰাও কৰিলে শিৱসাগৰ জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় ৷ নিৰ্মাণ শ্ৰমিক সকলৰ বহুকেইটা সমস্যা সমাধানৰ দাবীৰে শিৱসাগৰ নগৰৰ ষ্টেছন চাৰিআলি স্থিত জিলা শ্ৰম বিষয়াৰ কাৰ্যালয়ত নিৰ্মাণ শ্ৰমিক সকলে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

বিশেষকৈ নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ ৰক্ষা কৰাৰ লগতে ৰাজ্যৰ সকলো নিৰ্মাণ শ্ৰমিকক নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন কৰা ইত্যাদি বহুকেইটা দাবীৰে সোমবাৰে শিৱসাগৰ জিলা নিৰ্মাণ শ্ৰমিক সন্থাৰ শতাধিক কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে জিলা শ্ৰম বিষয়া কাৰ্যালয় উত্তাল কৰি তোলা পৰিলক্ষিত হয় ৷ অন্যান্য দাবীৰ লগতে শ্ৰমিক সকলে ক'ভিড-19 অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ঘোষণা কৰা লকডাউনৰ ক্ষতিপূৰণ হিচাপে প্ৰত্যেক গৰাকী নিৰ্মাণ শ্ৰমিকক প্ৰতিমাহত 7,500 টকাকৈ ছমাহৰ বাবে প্ৰদান কৰিবলৈও দাবী উত্থাপন কৰে ৷

নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ ৰক্ষা কৰাৰ দাবী প্ৰতিবাদকাৰীৰ

হিতাধিকাৰী নিৰ্মাণ শ্ৰমিক সকলৰ মাহেকীয়া বৰঙণি বেংকত জমা দিয়াৰ ক্ষেত্ৰত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি শ্ৰমিকসকলে এনে হাৰাশাস্তি বন্ধ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে, লকডাউনৰ বাবে নিৰ্মাণ শ্ৰমিকে পাব লগা সাহাৰ্য সকলো নিৰ্মাণ শ্ৰমিকে পোৱাটো নিশ্চিত কৰা , হিতাধিকাৰী সকলৰ সকলো বকেয়া ধন শীঘ্ৰে আদায় কৰা, নিৰ্মাণ শ্ৰমিকক গৃহ ঋণ দিয়া আৰম্ভ কৰা আৰু নিৰ্মাণ শ্ৰমিক সকলৰ পঞ্জীয়ন কাৰ্যালয়ত পে-বুক , আইকাৰ্ড সহ সকলো নথিপত্ৰ যোগান ধৰা আদি দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক: অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.