ETV Bharat / state

Crime in Sivasagar:হালোৱাটিঙত দিনদুপৰতে দুই ছাত্ৰক হত্য়াৰ চেষ্টা

author img

By

Published : Jun 15, 2023, 7:38 PM IST

শিৱসাগৰ জিলাৰ হালোৱাটিঙত সাপ্তাহিক বজাৰত দুজনকৈ ছাত্ৰক মৰিয়াই হত্যাৰ চেষ্টা । দিনদুপৰতে ঘাইপথৰ কাষতে মৰেল পুলিচিঙৰ ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ।

Halowating Higher Secondary School
আমগুৰি-হালোৱাটিং উচ্চ মাধ্যমিক বিদ্যালয়

আমগুৰি, ১৫ জুন: শিৱসাগৰ জিলাৰ হালোৱাটিঙত বৃহস্পতিবাৰে দিনদুপৰতে মৰেল পুলিচিঙৰ এক ঘটনা সংঘটিত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । জিলাখনৰ হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত সাপ্তাহিক বজাৰত দুটা ৰাজমিস্ত্ৰীয়ে দুজনকৈ ছাত্ৰক মৰিয়াই হত্যাৰ চেষ্টা চলোৱাৰ পিচতেই এই ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

জানিব পৰা মতে, আমগুৰি-হালোৱাটিং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ বাবেই এই মাৰপিটৰ ঘটনাটো সংঘটিত হয় । ৰাজমিস্ত্ৰী ৰকিবুল ইছলামে মৰিয়াই হত্যাৰ চেষ্টা কৰে নৱম শ্ৰেণীৰ ছাত্ৰ সূৰয ঠাকুৰক । অভিযুক্ত ৰকিবুল ইছলামে কাঠৰ বাটামেৰে মূৰৰ পিছফালে আঘাত কৰাত থিতাতে সংজ্ঞাহীন হৈ পৰে ছাত্ৰজন । আনহাতে,এই ঘটনাক বাধা দিবলৈ যোৱা দীপন চাহু নামৰ ছাত্ৰ এজনকো ৰকিবুল ইছলামে আক্ৰমণ কৰে ।

দীপন চাহু নামৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰজনক ৰাজমিস্ত্ৰী দুটাই মৰিয়াই আহত কৰি নলাৰ পানীত জুবুৰিয়াই হত্যাৰ চেষ্টা চলায় । ইয়াৰ পিচতেই ঘটনাস্থলীত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় । সেই সময়ত আমগুৰি গাঁও পঞ্চায়তৰ সম্পাদকজন ঘটনাস্থলীত উপস্থিত হোৱাত সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় হালোৱাটিং আৰক্ষীক খবৰ দিয়ে ।

ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ অভিযুক্ত ৰাজমিস্ত্ৰী ৰকিবুল ইছলাম আৰু ছফিকুল ইছলামক ঘেৰাও কৰে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত হালোৱাটিং আৰক্ষী উপস্থিত হৈ অভিযুক্ত দুটাক আটক কৰাৰ লগতে দুই ছাত্ৰক ততাতীয়াকৈ আমগুৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দিনদুপৰতে হালোৱাটিঙৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে মৰেল পুলিচিঙৰ ঘটনাই হালোৱাটিঙত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ ।

এই ঘটনাত অভিযুক্ত ৰাজমিস্ত্ৰী ৰকিবুল ইছলাম আৰু ছফিকুল ইছলামৰ ঘৰ গোৱালপাৰাৰ ভালুকডুবিৰ। দুই মিস্ত্ৰীয়ে হালোৱাটিঙ বজাৰত পকী গৃহ নিৰ্মাণৰ কামত ব্যস্ত আছিল। আমগুৰিৰ বৰুৱা উপাধিৰ এজন ঠিকাদাৰে নিৰ্মাণ কৰা পকীগৃহৰ কামত নিয়োজিত শ্ৰমিকে সংঘটিত কৰা এই কাৰ্যক লৈ বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইতিমধ্যে হালোৱাটিং আৰক্ষীয়ে অভিযুক্তক আটক কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্য়াত ৰাখিছে ।

লগতে পঢ়ক:Poor Irrigation system in Kaliabor:ছয় বছৰে বিকল কলং উত্তোলিত জলসিঞ্চন প্ৰকল্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.