ETV Bharat / state

অভি-নীলৰ পিচত এইবাৰ প্ৰশান্ত আৰু পাৰ্থ , কথমপি ৰক্ষা ! - পুনৰাবৃত্তি

ডকমকা কাণ্ডৰ যেন পুনৰাবৃত্তি ৷ শিৱসাগৰৰ নাজিৰাত এদল উন্মত্ত লোকৰ আক্ৰমণৰ বলি হ’ব লগা হ’ল বিহু খাবলৈ যোৱা দুই যুৱক ৷ নঙলামৰাত সংঘটিত এই হৃদয়বিদাৰক দৃশ্যই প্ৰকৃততে সূচাইছে কি ?

নাজিৰাৰ নঙলামৰাত দলৱদ্ধ আক্ৰমণৰ বলি দুই যুৱক
author img

By

Published : Apr 18, 2019, 8:38 AM IST

Updated : Apr 18, 2019, 8:55 AM IST

শিৱসাগৰ , 18 এপ্ৰিল : শিৱসাগৰ জিলাৰ অন্তৰ্গত নাজিৰাৰ নিকটৱৰ্তী নঙলামৰাত বুধবাৰে উন্মত্ত জনতাৰ আক্ৰমণৰ বলি হয় দুই যুৱক ৷ শিমলুগুৰি আৰক্ষীৰ তৎপৰতাৰ বাবে কথমপি প্ৰাণ ৰক্ষা পৰে যুৱক দ্বয়ৰ ৷

নাজিৰাৰ নঙলামৰাত দলৱদ্ধ আক্ৰমণৰ বলি দুই যুৱক

ডকমকা কাণ্ডৰ কথা প্ৰতিজন লোকৰে মানসপটত আজিও সজীৱ হৈ আছে। কেৱল অন্ধবিশ্বাসৰ বলি হৈ চিৰদিনৰ বাবে ডকমকাত হেৰাই গৈছিল দুই প্ৰতিভাৱান অসমীয়া যুৱক ৷ পুনৰ এনে এক কাণ্ড সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল নাজিৰা ৷ নাজিৰাৰ নিকটৱৰ্তী নঙলামৰাত সংঘটিত হয় উক্ত ডকমকা সদৃশ ঘটনাৰ পুনৰাবৃত্তি ৷ জানিব পৰা মতে প্ৰশান্ত কোঁৱৰ আৰু পাৰ্থ প্ৰতিম বৰুৱা নামৰ দুজন যুৱক বিহু খাবলৈ ঘৰৰ পৰা ওলাই যায় ৷ তেনে সময়তে যুৱকদ্বয় নঙলামৰা পোৱাৰ পাচতেই এদল উন্মত্ত লোকে কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে নৃশংসভাৱে আক্ৰমণ চলায় ৷ প্ৰায় এঘন্টাৰ অধিক সময় 20 জনীয়া উন্মত্ত লোকৰ আক্ৰমণৰ বলি হোৱা দুই নিৰীহ যুৱকৰ ভিতৰত পাৰ্থ প্ৰতীম বৰুৱা সংবাদ ক্ষেত্ৰৰ লগত বিগত সময়ছোৱাত জড়িত হৈ আছিল ৷ এই কথা জানিও পাৰ্থপ্ৰতিমক জাতীয় তাচ্ছিল্যসূচক মন্তব্য কৰে একাংশ আক্ৰমণকাৰীয়ে ৷ আক্ৰমণকাৰীৰ মাজৰে কোনো কোনোৱে মোবাইলত ৰেকৰ্ডিং কৰে মাৰপিট কৰা কিছু দৃশ্যাংশ ৷ অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ গুৰুতৰভাৱে আহত যুৱকদ্বয়ক উদ্ধাৰ কৰে ৷ ইপিনে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাত আক্ৰমণকাৰী দলটো পলায়ন কৰে যদিও আক্ৰমণত জড়িত দুজন যুৱকক আটক কৰে শিমলুগুৰি আৰক্ষীয়ে ৷ আনহাতে অভিযোগ অনুসৰি আক্ৰমণৰ বলি হোৱা যুৱক প্ৰশান্তই শিমলুগুৰি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পূৰ্বে আটকাধীন যুৱকদ্বয়ক থানাৰ পৰা যাবলৈ দিয়া হয় ৷ ভুক্তভোগী যুৱক প্ৰশান্তই এজাহাৰত মুঠ পোন্ধৰ গৰাকী আক্ৰমণকাৰী বিষয়ে উল্লেখ কৰিছে ৷ আশ্বৰ্য্যজনক এইয়ে যে আক্ৰমণকাৰীয়ে স্থানীয় গাঁওবুঢ়াৰ উপস্থিতিত এই আক্ৰমণ সংঘটিত কৰে বুলি এজাহাৰত উল্লেখ কৰাৰ লগতে উক্ত আক্ৰমণত এজন গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা জড়িত থকাৰ কথাও কয় প্ৰশান্তই ৷ এতিয়া পৰৱৰ্তী সময়ত আৰক্ষীয়ে আক্ৰমণকাৰী সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷

*নাজিৰাৰ নিকটৱৰ্তী নঙলামৰাত দলৱদ্ধ আক্ৰমণৰ বলি দুই যুৱক-- ডকমকা কাণ্ড পুনৰাবৃত্তি হোৱাৰ পৰা কথমপি ৰক্ষা। আৰক্ষী তৎপৰতাৰ বাবে প্ৰাণ ৰক্ষা পৰিল বিহু খাবলৈ যোৱা দুই যুৱকৰ*
Story-PUBLIC_LINCHING
Ananta Smith
Sivasagar
18-04-19

A_SVR_18TH_APR_801_PUBLIC_LINCHING_ANANTA

ডকমকা কাণ্ডৰ কথা প্ৰতিজন লোকৰে মানসপটত আজিও সজীৱ হৈ আছে। কেৱল অন্ধবিশ্বাসৰ বলি হৈ চিৰদিনৰ বাবে ডকমকাত হেৰাই গৈছিল দুই প্ৰতিভাবান অসমীয়া যুৱক। পুনৰ এনে এক কাণ্ড সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল নাজিৰা। নাজিৰাৰ নিকটৱৰ্তী নঙলামৰাত সংঘটিত হয় উক্ত ডকমকা সদৃশ ঘটনাৰ পুনৰাবৃত্তি। কিন্তু শিমলুগুৰি আৰক্ষীৰ তৎপৰতাৰ বাবে দুই যুৱক কথমপি ৰক্ষা পৰে এদল উন্মত্ত লোকৰ নৃশংস আক্ৰমণৰ পৰা।

বিহু খাবলৈ সন্ধিয়াৰ ঘৰৰ পৰা ওলাই যোৱা দুই যুৱক ক্ৰমে প্ৰশান্ত কোঁৱৰ আৰু পাৰ্থ প্ৰতিম বৰুৱাক নঙলামৰা পোৱাৰ পিছতেই প্ৰায় ৭-৩০ বজাত এদল উন্মত্ত লোকে কোনো কথাৰ অৱতাৰণা নকৰাকৈয়ে নৃশংসভাৱে আক্ৰমণ চলায়। আক্ৰমণকাৰীৰ মাজৰে কোনো কোনোৱে মোবাইলত ৰেকৰ্ডিং কৰে মাৰপিট কিছু দৃশ্যাংশ। প্ৰায় এঘন্টাৰ অধিক সময় প্ৰায় ২০ জনীয়া উন্মত্ত লোকৰ আক্ৰমণ বলি হোৱা দুই নিৰীহ যুৱকৰ ভিতৰত পাৰ্থ প্ৰতীম বৰুৱা সংবাদ ক্ষেত্ৰৰ লগত বিগত সময়ছোৱাত জড়িত হৈ আছিল। এই কথা জানিও পাৰ্থপ্ৰতিমক উদ্দেশ্য তই কিহৰ সংবাদিক আদি জাতীয় তাচ্ছিল্যসূচক মন্তব্যও কৰে একাংশ আক্ৰমণকাৰীয়ে। ইফালে এই ঘটনাত গুৰুতৰভাৱে আহত যুৱকদ্বয়ক আৰক্ষীয়ে উদ্ধাৰ নকৰা হলে হয়তু পুনৰ ডকমকা কাণ্ডৰ পুনৰাবৃত্তি হলহেতেন। এই ভাষ্য পাৰ্থপ্ৰতিমৰ। অৱশ্য আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা আক্ৰমণকাৰী দলটো পলাই পত্ৰং দিয়ে যদিও আক্ৰমণত জড়িত দুজন যুৱকক আটক কৰে শিমলুগুৰি আৰক্ষীয়ে । কিন্তু বুধবাৰে দুপৰীয়া আক্ৰমণৰ বলি হোৱা যুৱক প্ৰশান্তই শিমলুগুৰি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পূৰ্বে যুৱক দুজনক থানাৰ পৰা যাবলৈ দিয়া হয়।

ভুক্তভোগী যুৱক প্ৰশান্তই দিয়া এজাহাৰত মুঠ পোন্ধৰ গৰাকী আক্ৰমণকাৰী বিষয়ে উল্লেখ কৰিছে। আশ্বৰ্য্যজনক এইয়ে যে আক্ৰমণকাৰীয়ে স্থানীয় গাওঁবুঢ়াৰ উপস্থিতিত এই আক্ৰমণ সংঘটিত কৰে বুলি এজাহাৰত উল্লেখ কৰাৰ লগতে উক্ত আক্ৰমণত এজন গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তা জড়িত থকাৰ কথাও উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে আক্ৰমণকাৰী সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।
Last Updated : Apr 18, 2019, 8:55 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.