শিৱসাগৰ, ১৯ জুলাইঃ শিৱসাগৰ জিলাৰ সোণাৰী সমষ্টিৰ বিধায়িকা নৱনীতা সন্দিকৈৰ দেহত মহামাৰী COVID-19ৰ উপস্থিতি । তাৰোপৰি বিধায়িকা গৰাকীৰ ব্যক্তিগত সহায়ক মানস ভৰদ্বাজ ৰয় আৰু গাড়ী চালক ৰঞ্জিত গগৈৰ দেহতো ধৰা পৰিছে COVID-19ৰ উপস্থিতি । বিধায়িকা গৰাকীৰ ৰেপিড টেষ্টত ধৰা পৰে উপস্থিতি COVID-19 পজিটিভৰ ৰিজাল্ট ।
উল্লেখ্য় যে, বিগত দুদিন পূৰ্বে বিধায়িকাগৰাকীৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ, ব্যক্তিগত সহায়ক যীশু পাল আৰু গাড়ী চালক কাৰ্তিক বড়াৰ দেহত ধৰা পৰে COVID-19ৰ লক্ষণ । ইফালে পুত্ৰ তথা ব্যক্তিগত সহায়ক আৰু গাড়ী চালকৰ দেহতCOVID-19ৰ উপস্থিতি ধৰা পৰাৰ পূৰ্বে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহনৰ লগতে বহু কেইগৰাকী উচ্চ পদস্থ বিষয়াৰ সৈতে চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভাত অংশগ্ৰহন কৰে বিধায়িকা নৱনীতা সন্দিকৈয়ে। যাৰ ফলত এতিয়া গণ সংক্ৰমণৰ আশংকাই দেখা দিছে চৰাইদেউ জিলাত ।