ETV Bharat / state

Akhil Gogoi ক চাফাই অভিযানত প্ৰশাসনে সহযোগ নকৰাৰ অভিযোগ !

author img

By

Published : Nov 14, 2021, 4:34 PM IST

শিৱসাগৰত চাফাই অভিযান(Safai Abhiyan)ত ব্যস্ত বিধায়ক অখিল গগৈ(Akhil Gogoi) ৷ নগৰৰ ডাম্পিং গ্ৰাউণ্ড(Dumping Ground) পৰিষ্কাৰৰ কামত প্ৰশাসনৰ সহযোগিতা লাভ নকৰাৰ অভিযোগ বিধায়কগৰাকীৰ ৷

mla akhil gogoi safai abhiyan
অখিল গগৈৰ চাফাই অভিযান

শিৱসাগৰ, 14 নৱেম্বৰ : শিৱসাগৰ নগৰত চাফাই অভিযান(Safai Abhiyan) অব্যাহত ৰাখিছে বিধায়ক অখিল গগৈ(Akhil Gogoi)য়ে ৷ এমাহজোৰা এই চাফাই অভিযানত দেওবাৰে নগৰৰ দৰিকাপাৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা ডাম্পিং গ্ৰাউণ্ড(Dumping Ground) পৰিষ্কাৰ কাৰ্যসূচী হাতত লয় বিধায়কগৰাকীয়ে ৷

চলিত মাহৰ 12 তাৰিখৰ পৰা শিৱসাগৰ সমষ্টি(Sivasagar Constituency)ৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰ নগৰখন পৰিষ্কাৰ কৰি পৰ্যটকৰ আকৰ্ষণ বঢ়োৱাৰ এক পদক্ষেপ হাতত লৈছিল । শিৱসাগৰ পৌৰসভা(Sivasagar Municipality)ই বিগত বহু বছৰৰ পৰা ডাম্পিং গ্ৰাউণ্ড থকা স্থানত জাৱৰ-জোঁথৰসমূহ পেলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷

অখিল গগৈৰ চাফাই অভিযান

ইয়াৰ ফলস্বৰূপে উক্ত স্থানত জাৱৰৰ এক পাহাৰ সৃষ্টি হোৱাৰ লগতে কৰ্দযময় পৰিৱেশ গঢ়ি উঠিছে । নগৰৰ প্ৰৱেশদ্বাৰত থকা এনে জাৱৰৰ দ’মে পৰ্যটককো আৰম্ভণিতে এক নেতিবাচক ধাৰণা দিয়ে । সেয়েহে বিধায়ক অখিল গগৈয়ে এই ডাম্পিং গ্ৰাউণ্ড পৰিষ্কাৰ কৰাৰ লগতে ডাম্পিং গ্ৰাউণ্ডৰ বিকল্প ব্যৱস্থা ৱেষ্ট মেনেজমেণ্টৰ দ্বাৰা কৰাৰ চেষ্টা কৰিছে ।

লগতে নগৰৰ মাজৰ পৰা ডাম্পিং গ্ৰাউণ্ড আঁতৰাই নিয়াৰ বাবে উপযুক্ত স্থান বিচাৰি আছে বিধায়কগৰাকীয়ে । আনহাতে, ক’ভিড(Covid) পৰিস্থিতিৰ বাবে শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰ বিগত দুবছৰ ধৰি বন্ধ হৈ আছে । যিহেতু শিৱসাগৰত ক’ভিডৰ প্ৰাদুৰ্ভাৱ কম, সেয়েহে আগন্তুক 1 ডিচেম্বৰৰ পৰা শিৱসাগৰৰ পৰ্যটন ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে খুলি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক আহবান জনাইছে অখিল গগৈয়ে ৷

জিলাখনৰ পৰ্যটনস্থলীসমূহ চকুত লগা কৰিবলৈ ইতিমধ্যে বহুকেইটা কাম চলাই থকা হৈছে বুলি বিধায়কগৰাকীয়ে জানিবলৈ দিয়ে ৷ কিন্তু এনে কামৰ বেলিকা প্ৰশাসনৰ সহযোগিতাৰ বিপৰীতে অসহযোগিতা লাভ কৰা বুলি তেওঁ খোদ প্ৰকাশ কৰে । জিলা প্ৰশাসনৰ পৰা সমষ্টি উন্নয়নৰ কামত বাধা পোৱাৰ লগতে ৰাজনৈতিকভাৱে হেঙাৰ পোৱা বুলি উল্লেখ কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarmas)ক এনে অসহযোগিতা আৰু বাধা সন্দৰ্ভত অৱগত কৰা হৈছে বুলি তেওঁ সংবাদ মাধ্যমযোগে সদৰী কৰে ৷

লগতে পঢ়ক : এইবাৰ নাঙল এৰি চাফাই কৰ্মীৰ ৰূপত বিধায়ক অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.