ETV Bharat / state

দিচাংমুখৰ অফলাত খহনীয়া পৰিদৰ্শন মন্ত্ৰী-সাংসদৰ

author img

By

Published : May 27, 2021, 10:56 PM IST

ঐতিহাসিক দিচাংমুখৰ অফলাত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৷ খহনীয়া পৰিদৰ্শন মন্ত্ৰী যোগেন ম'হন, সাংসদ তপন কুমাৰ গগৈৰ ৷ এক কোটি টকা তৎকালীনভাৱে মুকলি কৰাৰ ঘোষণা ৷

দিচাংমুখৰ অফলাত খহনীয়া পৰিদৰ্শন মন্ত্ৰী-সাংসদৰ
দিচাংমুখৰ অফলাত খহনীয়া পৰিদৰ্শন মন্ত্ৰী-সাংসদৰ

শিৱসাগৰ,27মে’: ধাৰাবাহিক বাতৰি পৰিৱেশন কৰাৰ পিছতে বৃহস্পতিবাৰে দিচাংমুখৰ অফলাত হৈ থকা ব্ৰক্ষ্মপুত্ৰৰ গৰা খহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয় ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন ম'হন, সাংসদ তপন কুমাৰ গগৈয়ে । খহনীয়া পৰিদৰ্শন কৰি তৎকালীনভাৱে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিবলৈ এক কোটি টকা মুকলি কৰি দিব বুলি ঘোষণা কৰে ।

সদ্যহতে চৰকাৰৰ ফালৰ এক কোটি টকা ঘোষণা কৰাৰ উপৰিও মিচিং স্বায়ত্বশাসিত পৰিষদ, পঞ্চায়তৰ ফালৰ পৰাও খহনীয়া প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ বাবে অনুদান মুকলি কৰিব বুলি সদৰি কৰিছে সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্ৰী যোগেন ম'হনে । এক সপ্তাহৰ ভিতৰতে খহনীয়া প্ৰতিৰোধৰ বাবে কাম আৰম্ভ কৰিব বুলিও মন্তব্য কৰে যোগেন ম'হন আৰু তপন কুমাৰ গগৈয়ে ।

ইফালে দুবছৰতে অফলাত দুই কিল'মিটাৰ জুৰি ১৪ শ মিটাৰৰো অধিক অধিক ভূমি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱা বুলি মন্তব্য কৰে খোদ মন্ত্ৰী যোগেন ম'হনে । ইয়াৰ উপৰিও ইতিমধ্যে যি সকল পৰিয়ালৰ ক্ষতি হৈছে সেই সকলকো ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে যোগেন ম'হনে । খহনীয়া পৰিদৰ্শন কালত শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰায়েও সংগ দিয়ে ।

লগতে পঢ়কঃ ক’ভিড চিকিৎসাৰ নামত ব্যক্তিখণ্ড চিকিৎসালয়ৰ লুন্ঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.