শিৱসাগৰ,13 মে’: শিৱসাগৰ জিলাৰ ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ বৃহস্পতিবাৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ক্ৰীড়া আৰু যুৱ-কল্যাণ, শক্তি, পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা । পোনে পোনে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে ক’ভিড চিকিৎসাৰ ব্যৱস্থা আৰু প্ৰস্তুতিৰ বুজ লয় ।
ইতিমধ্যে চিকিৎসালয়খনত ভৰ্তি হৈ থকা বহু ৰোগী সুস্থ হৈ ঘৰলৈ উভতি যোৱাত মন্ত্ৰী গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে চিকিৎসালয়খনত বহুকেইগৰাকী ক’ভিড আক্ৰান্ত প্ৰসূতিৰ সফলভাৱে অস্ত্ৰোপচাৰ কৰি সন্তান জন্ম দিয়াক লৈ চিকিৎসকসকলক ধন্যবাদ জ্ঞাপন কৰে ৷
শিৱসাগৰ জিলাত ক’ভিড ৰোগক প্ৰতিৰোধ কৰাৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ হোৱাৰ লগতে আন আন আনুষংগিক বিষয়সমূহৰ বুজ লৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মন্ত্ৰী বিমল বৰাই । শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ শীৰ্ষ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী ।
লগতে পঢ়ক: মাজুলীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা