ETV Bharat / state

লক ডাউনঃ দুষ্কৃতিকাৰীৰ শেন চকু ৰাজ্যৰ ঐতিহাসিক পৰ্যটনস্থলীসমূহত - SHIVDOL_SIR

লক ডাউনৰ ফলত ৰাজহুৱা স্থানত প্ৰায় বন্ধ হৈ পৰিছে মানুহৰ অহা-যোৱা,জনশূণ্য হৈ পৰিছে ৰাজ্যৰ পৰ্যটনস্থলীসমূহো ৷ তাৰেই যেন এতিয়া সুযোগ লৈছে একাংশ দুষ্কৃতিকাৰীয়ে ৷

lock-down-thief-tageted-historical-tourist-places
লক ডাউনঃ দুষ্কৃতিকাৰীৰ শেন চকু ৰাজ্যৰ ঐতিহাসিক পৰ্যটনস্থলীসমূহত
author img

By

Published : Apr 15, 2020, 8:26 PM IST

শিৱসাগৰ, 15 এপ্ৰিল: কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ ফলত দেশজুৰি চলি থকা লক ডাউনৰ সময়ত দেশত অপৰাধৰ মাত্ৰা বহু পৰিমাণে হ্ৰাস হোৱা বুলি বিভিন্ন সুত্ৰই প্ৰকাশ কৰিছে ৷ অসমতো এই লক ডাউনৰ সময়ছোৱাত যথেষ্ট সষ্টম হৈ পৰিছে অসম আৰক্ষীও ৷ অন্যহাতে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা বাচিবলৈ লক ডাউনৰ নিৰ্দেশনাক পালন কৰি নিজ নিজ ঘৰতে সোমাই আছে সৰ্বসাধাৰণ লোক ৷ লক ডাউনৰ ফলত ৰাজহুৱা স্থানত প্ৰায় বন্ধ হৈ পৰিছে মানুহৰ অহা-যোৱা,জনশূণ্য হৈ পৰিছে ৰাজ্যৰ পৰ্যটনস্থলীসমূহো ৷ তাৰেই যেন এতিয়া সুযোগ লৈছে একাংশ দুষ্কৃতিকাৰীয়ে ৷

তেনে এক ঘটনা পোহৰলৈ আহিছে অসমৰ ঐতিহাসিক চহৰ শিৱসাগৰত ৷ একাংশ দুষ্কৃতিকাৰীৰ শেন চকু এতিয়া ঐতিহাসিক শিৱদ'ল আৰু বিষ্ণু দ'লৰ দান পাত্ৰত ৷ নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি যোৱা 13 এপ্ৰিল তাৰিখে ঐতিহাসিক শিৱদ'ল আৰু বিষ্ণু দ'লৰ তিনিটাকৈ পাত্ৰত চোৰে চলাইছিল লুট-পাট ৷ শিৱদ'লৰ পৰা মাত্ৰ এশ মিটাৰ নিলগতে শিৱসাগৰ আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষ থকাৰ পাছতো দুটাকৈ দ'লত চোৰে চুৰি কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সমগ্ৰ শিৱসাগৰত ৷ ঐতিহাসিক দ'ল দুটাত চুৰি কাৰ্য সংঘটিত হোৱাক কেন্দ্ৰ কৰি সমালোচনাৰ সন্মুখীন হৈছিল শিৱসাগৰ আৰক্ষী ৷

যাৰ পাছতেই শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত উক্ত ঘটনাৰ তদন্ত কৰিবলৈ গঠন হৈছিল বিশেষ গোট ৷ অৱশেযত অভিযান চলাই উক্ত ঘটনাৰ লগত জড়িত তিনিটা চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় শিৱসাগৰ আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইটা ক্ৰমে, ভলুকা দুৱৰা ( ২০ ), নৰেন দত্ত (১৯) আৰু হাফিজুৰ ৰহমান (২০) বুলি জানিব পৰা গৈছে ৷ চোৰ কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় নগদ 10 হাজাৰ টকা ৷

পৰৱৰ্তী সময়ত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত শিৱসাগৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় তিনিও চোৰক ৷ যাৰ পাছতেই আদালতে বিচাৰ প্ৰক্ৰিয়া চলাই দোষী সাব্যস্ত হোৱাত শিৱসাগৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে চোৰ তিনিটাক ৷

লগতে পঢ়ক : কামৰূপৰ দদৰাত মাস্ক প্ৰস্তুতত ব্যস্ত হাড়গিলা আৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.