শিৱসাগৰ, 30 জুন : এটা দশকৰ আগতে শিৱসাগৰ জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগে মাৰাত্মক ৰূপ ধাৰণ কৰিছিল । বাৰিষাৰ সময়ত মাইকী এন’ফেলিছ মহে জিলাখনৰ বিভিন্ন প্ৰান্তত মেলি দিছিল জাপানীজ এনকেফেলাইটিছ(japanese encephalitis) আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ ভয়াৱহতা । অৱশ্যে পৰৱৰ্তী সময়ত ব্যাপক প্ৰতিষেধক প্ৰদানৰ বলত জিলাখনত এই ৰোগ নিয়ন্ত্ৰিত হয় যদিও এতিয়াও জিলাখনত চলি আছে এই ৰোগৰ প্ৰভাৱ ।
চলিত সময়তো ক’ভিড-১৯ ৰোগৰ সামান্তৰালভাৱেই শিৱসাগৰ জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে এই ৰোগ নিৰাময় আৰু নিয়ন্ত্ৰণ কৰিবৰ বাবে । সাধাৰণতে, বাৰিষাৰ আগমণৰ লগে লগে জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগে জিলাখনত মূৰ দাঙি উঠে । লক্ষ্যণীয় ভাৱে, এইবাৰ জিলাখনত এই ৰোগৰ প্ৰভাৱ কম যদিও বৰ্তমান পৰ্যন্ত প্ৰায় ছয় গৰাকীকৈ লোক আক্ৰান্ত হৈছে ।
আক্ৰান্ত সকলৰ এজন জাপানীজ এনকেফেলাইটিছ ৰোগত ভোগাৰ লগতে পাঁচজন আক্ৰান্ত হৈছে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ।
জিলাখনৰ খেলুৱা, গেলেকী, ডিমৌ আৰু কালুগাঁও স্বাস্থ্য খণ্ডৰ অন্তৰ্গত লোক কেইজন আক্ৰান্ত হৈছে এই ৰোগত । ইতিমধ্যে, উপযুক্ত চিকিৎসাৰ অন্তত গোটেই কেইজন আক্ৰান্ত লোক অসম চিকিৎসা মহাবিদ্যালয়(AMC)ৰ পৰা সুস্থ হৈ ঘৰলৈ ওভতি গৈছে । প্ৰায় আগষ্ট-ছেপ্টেম্বৰ মাহলৈকে প্ৰাদুৰ্ভাৱ থকা এই ৰোগ নিয়ন্ত্ৰণৰ বাবে শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে অঞ্চল বিশেষে ধোঁৱা দিয়া, সজাগতা সভা আৰু গাঁৱে গাঁৱে জ্বৰত আক্ৰান্ত ব্যক্তিৰ জৰীপ অব্যাহত ৰাখি সন্দেহযুক্ত লোকৰ জাপানীজ এনকেফেলাইটিছ পৰীক্ষা সম্পন্ন কৰিছে ।
আনহাতে, জিলা প্ৰশাসনে এই ৰোগ ৰোধৰ বাবে ইতিমধ্যে এক টাস্ক-ফৰ্চ(Task force) গঠন কৰি দিছে । শিৱসাগৰৰ স্বাস্থ্য বিভাগে সকলো লোকক যিকোনো ধৰণৰ জ্বৰক অৱহেলা নকৰি উপযুক্ত চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহবান জনাইছে । ইয়াৰ লগতে, ঘৰৰ কাষত জমা হৈ থকা পানী আদি পৰিষ্কাৰ কৰি ঘৰৰ পোহনীয়া জন্তু, বিশেষকৈ গাহৰিৰ গঁড়াল মূল ঘৰৰ পৰা দূৰত ৰাখি চাফ-চিকুনতা বৰ্তাই ৰাখিবলৈ আহবান জনাইছে স্বাস্থ্য বিভাগে ।
লগতে পঢ়ক : কি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?