ETV Bharat / state

Irregularities in oil supply: শিৱসাগৰৰ লাহতি পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি - Demanded to take proper action against the Lahoti

শিৱসাগৰৰ লাহতি পেট্ৰ'ল পাম্পত তেল প্ৰদানত অনিয়ম(Irregularities in oil supply In Sivsagar petrol pump) ৷ গ্ৰাহকক ৰাম ঠগন দি তেল কমকৈ দিয়াৰ অভিযোগ ৷

Irregularities in oil supply: উত্তপ্ত পৰিস্থিতি লাহতি পেট্ৰ'ল পাম্পত
Irregularities in oil supply In Sivsagar petrol pump
author img

By

Published : Oct 26, 2022, 4:49 PM IST

শিৱসাগৰ, 26 অক্টোবৰ: পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে গ্ৰাহকক ৰাম টাঙোন শোধোৱাৰ মাজতে এইবাৰ পেট্ৰ'ল পাম্পে গ্ৰাহকক লুণ্ঠন চলোৱাৰ অভিযোগ । জোখতকৈ কম পৰিমাণে তেল দিয়াৰ অভিযোগ উত্থাপিত হৈছে এটা পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে(Petrol pumps are accused of robbing customers) ৷ অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শী গ্ৰাহকে ।

শিৱসাগৰৰ লাহতি পেট্ৰ'ল পাম্পত উত্তপ্ত পৰিস্থিতি

শিৱসাগৰ নগৰৰ লাহতি পেট্ৰ'ল পাম্পত অনিয়মৰ অভিযোগ । গ্ৰাহকক ৰাম ঠগন দি পেট্ৰ'ল কমাই দিয়াৰ অভিযোগ । পাম্পৰ মেচিনৰ মিটাৰ শূণ্য নকৰাকৈ তেল দিয়াৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগী এগৰাকী লোকে ৷ প্ৰাপ্ত খবৰ অনুসৰি লোকজনে ৫৯০ টকাৰ পেট্ৰ'ল ভৰাবলৈ লাহতি পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীক কৈছিল ৷ কিন্তু তেওঁৰ গাড়ীখনত পেট্ৰ'ল ভৰোৱাৰ পূৰ্বে মিটাৰ শূণ্য কৰা নাছিল পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই ৷

এই অভিযোগ গ্ৰাহকজনে উত্থাপন কৰাৰ পাছতে পেট্ৰ'ল পাম্প কৰ্তৃপক্ষই পোনছাটেই নাকচ কৰে এই অভিযোগ (Complain against Lahoti Petrol Pump)৷ অৱশ্যে পৰৱৰ্তী সময়ত পেট্ৰ'ল পাম্পটোত উপস্থিত থকা কেইবাজনো গ্ৰাহকে মিটাৰ শূণ্য নাই কৰা বুলি দাবী কৰাত ওলাই পৰে জোলোঙাৰ মেকুৰী আৰু বহু দিনৰ পৰা মেচিনৰ বিজুতিৰ বাবে এই সমস্যা হৈ অহা বুলি স্বীকাৰ কৰিবলৈ বাধ্য হয় লাহতি পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী ৷ লগতে বহুদিন ধৰি পেট্ৰ'ল পাম্পটোৰ মেচিনৰ বিজুতি ঘটিছে বুলি গ্ৰাহকক জানিবলৈ দিয়ে পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীয়ে ৷

এই ঘটনাৰ পাছতে গ্ৰাহকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে পাম্পটোত । যি সময়ত প্ৰতিদিনে বৰ্ধিত পেট্ৰ'লৰ মূল্যই সাধাৰণ জনতাক সমস্যাত পেলাইছে তেনে সময়ত একাংশ পেট্ৰ'ল পাম্প কৰ্তৃপক্ষৰ মুনাফা লাভৰ উদ্দেশ্য কৰা এনে কাৰ্যই চিন্তান্বিত কৰি তুলিছে সৰ্বসাধাৰণক(Rising petrol prices) ৷ দীৰ্ঘদিন ধৰি গ্ৰাহকক ঠগন দি অহা লাহতি পেট্ৰ'ল পাম্পৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জোখমাখ বিভাগক দাবী জনাইছে ৰাইজে(Lahoti petrol pumps) ৷

লগতে পঢ়ক: AIR Dibrugarh: আকাশবানী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়ববীয়াক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.