ETV Bharat / state

Gold thieves arrested in Sivasagar: সোণ চুৰি চক্ৰৰ বিৰুদ্ধে চৰাইদেউ আৰক্ষীৰ সফল অভিযান

author img

By

Published : Feb 16, 2023, 10:47 PM IST

সোণ চুৰিৰ বিৰুদ্ধে অভিযান চলাই চৰাইদেউ আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা (Gold thieves arrested in Sivasagar) ৷ অংকুৰ দাস নামৰ এটা গভাইত চোৰসহ আৰক্ষীৰ জালত পৰিছে আন ছটাকৈ চোৰ ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

Gold thieves arrested by Charaideo police in Sivasagar
আৰক্ষীৰ জালত বৃহৎ চুৰি চক্ৰ

আৰক্ষীৰ জালত বৃহৎ চুৰি চক্ৰ

শিৱসাগৰ, 16 ফেব্ৰুৱাৰী: ৰাজ্যত সক্ৰিয় হৈছে বৃহৎ সোণ চুৰি চক্ৰ ৷ এই সোণ চুৰি চক্ৰৰ বিৰুদ্ধে সোণাৰি, মৰাণ‌সহ বিভিন্ন স্থানত চৰাইদেউ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ শেহতীয়াকৈ চৰাইদেউ আৰক্ষীয়ে সোণ চুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলাই লাভ কৰিছে সফলতা ৷ চৰাইদেউ আৰক্ষীয়ে প্ৰথমে শিৱসাগৰৰ কোঁৱৰপুৰৰ শেনচোৱা গাঁৱৰ পৰা অংকুৰ দাস নামৰ এটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰে ৷ তাৰ পিচতেই ওলাই পৰে উৰহীৰ ওৰ ৷ অংকুৰ দাসক আটক কৰাৰ লগতেই আৰক্ষীৰ জালত পৰে আন ৬ জন (Gold thieves arrested by Charaideo police) ৷

ঘটনাৰ বিৱৰণী অনুসৰি জানিব পৰা মতে, চৰাইদেউ আৰক্ষীয়ে অভিযান চলাই প্ৰথমে সোণ চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অংকুৰ দাসক (Gold thieves arrested in Sivasagar)। অংকুৰ দাসে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে সকলো কথা ৷ অংকুৰ দাসে চুৰি সোণসমূহ বিক্ৰী কৰিছিলহি শিৱসাগৰ চহৰস্থিত Mauli Hallmarking Centre ত । ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ আৰক্ষীয়ে আজি পুৱাৰ ভাগত Mauli Hallmarking Centre আৰু টুম্পা জুৱেলাৰীত অভিযান চলায় ।

অভিযানৰ অন্তত বিয়লি Mauli Hallmarking Centre খন ছীল কৰি দিয়ে শিৱসাগৰ প্ৰশাসনে । আৰক্ষীয়ে অংকুৰ দাসক গ্ৰেপ্তাৰ কৰাৰ উপৰিও টুম্পা জুৱেলাৰীৰ স্বত্বাধিকাৰী নিখিল কৰ্মকাৰ, Mauli Hallmarking Centre ৰ মিৰাজুদ্দিন মালিক, মুকুৰাবিন মালিক, অৰ্ণৱ প্ৰতীম গগৈ, আশীষ বাজাজ, শ্ৰীমতী পাঞ্চাল লিম্বু, প্ৰাৰ্চী গগৈক আটক কৰে ।

উল্লেখ্য যে, বিগত মাহত সোণাৰী পি কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দেৱেন বৰাৰ বাসগৃহৰ পৰা চুৰি হৈছিল ২৪ তোলা সোণ । ‌দেৱেন বৰাৰ বৰাহী চাৰিআলিৰ বাসগৃহৰ পৰা চুৰি হৈছিল সোণখিনি । দেৱেন বৰাৰ ঘৰৰ উপৰিও আন ভিন্ন স্থানৰ পৰা চুৰি হৈছিল সোণ (Theft of gold in Sonari)। ইপিনে শিৱসাগৰ টুম্পা জুৱেলাৰী প্ৰতিষ্ঠানে Hallmarking Centre ৰ সৈতে চুৰি সোণখিনি বিক্ৰী কৰাৰ বাবে যোগাযোগ কৰি দিয়াৰ অভিযোগ ।

উল্লেখ্য যে, গভাইত চোৰ অংকুৰ দাসৰ বিৰুদ্ধে সোণাৰী থানাত ৭৩/২০২৩ নম্বৰ, যোৰহাট আৰক্ষী থানাত ৬৫৩/২২, ৫৬৫/২২, শিৱসাগৰ গৌৰিসাগৰ থানাত ১০৬/১৯ নম্বৰৰ গোচৰ ৰুজু হৈ আছে । শেহতীয়াকৈ চৰাইদেউ জিলাৰ বৰাহী চাৰিআলিৰ নিবাসী তথা পি কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দেৱেন বৰাৰ বাসগৃহত ২৪ তোলা সোণ চুৰি কৰাৰ পিচতেই আৰক্ষীয়ে অভিযান তীব্ৰ কৰে আৰু জালত পৰে অংকুৰ দাস । ইপিনে চুৰি সোণসমূহ ক’ত কিদৰে ব্যৱহাৰ কৰিছে অথবা ৰাখি থৈছে সেই তথ্য উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক: Mob Lynching incident in Nazira: নাজিৰাত গণপ্ৰহাৰত মৃত্য়ু সন্দেহজনক গৰু চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.