আমগুৰি, 5 মে': আমগুৰিৰ চিন্তামণিগড়ৰ মিটং নদীত উটি অহা অৰ্ধ শতাধিক মৰা গাহৰি প্ৰত্যক্ষ কৰাৰ পিচতে আতংকিত হৈ পৰে নৈপৰীয়া ৰাইজ । উল্লেখ্য যে, ইতিমধ্যেই শিৱসাগৰত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হৈছে সহস্ৰাধিক গাহৰিৰ । আক্ৰান্ত গাহৰিৰ মৃত্যু হ'লে পুতি থ'বলৈ আহ্বান জনাইছিল যদিও, নদীত এনেদৰে গাহৰি উটাই দিয়া কাৰ্যক লৈ শংকিত হৈ পৰিছে স্থানীয় লোক ।
নৈ খনত উটাই দিয়া মৰা গাহৰি খনামুখ চিন্তামণিগড় হৈ জাঁজীমুখেদি ব্ৰহ্মপুত্ৰত পৰিবগৈ । নদীত মৰা গাহৰি পেলোৱাৰ ফলত শিৱসাগৰ জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰে অধিক জটিল ৰূপ ধাৰণ কৰাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে । ইয়াৰ লগতে ৰাজ্যৰ পশুপালন মন্ত্ৰীয়ে বৰ্তমানলৈ ক্ষতিপূৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰে গাহৰি পালকসকলে ।
লগতে পঢ়কঃ নিশ্চিত হ'ল ছোৱাইন ফিভাৰ : কি হ'ব পৰৱৰ্তী পদক্ষেপ !