আমগুৰি , ২১ ডিচেম্বৰঃ গুৱাহাটীস্থিত অসমৰ একমাত্ৰ ৰাজ্যিক চিৰিয়াখানা নিশ্চয় আপুনি দেখিছে ৷ কিন্তু আজি আমি দেখুৱাম জনচক্ষুৰ পৰা আঁতৰত থকা অন্য এখন অন্য চিৰিয়াখানা, যিখনক এছিয়াৰ ভিতৰতে প্ৰথম খন চিৰিয়াখানা হিচাপে জনা যায় ৷ শিৱসাগৰ জিলাৰ পহুগড় অঞ্চলত অৱস্থিত বৰ্তমান পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত পহুগড় চিৰিয়াখানা খনকেই এছিয়াৰ প্ৰথম খন চিৰিয়াখানা হিচাপে বহু লোকে গণ্য কৰে ৷
আহোম স্বৰ্গদেউ ৰূদ্ৰ সিংহৰ ৰাজত্বকালত ১৬৯৬ খ্ৰীষ্টাব্দৰ পৰা ১৭১৪ খ্ৰীষ্টাব্দৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল পহুগড় চিৰিয়াখানা ৷ স্বৰ্গদেউ ৰূদ্ৰ সিংহই ১৭ শতিকাতে বন্য প্ৰাণীৰ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি 8 টা পথালি আৰু ১৬ টা থিয় গড় বিশিষ্ট পহুগড় নিৰ্মাণ কৰি গঁড়, হৰিণ, কুম্ভীৰ, বাঘ, হাতীকে ধৰি বিভিন্ন জীৱ জন্তুৰ সংৰক্ষণ কৰিছিল বুলি ইতিহাসৰ পাতত লিপিবদ্ধ আছে ৷ কালক্ৰমত বহুকেইটা গড় ধ্বংসস্তুপত পৰিণত হোৱাত বৰ্তমানে ৪ টাকৈ থিয় আৰু পথালি গড়ৰহে অৱশিষ্ট হিচাপে ৰৈছেগৈ ৷
বৰ্তমানে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰে মুখৰিত হৈ আছে এই চিৰিয়াখানা খন । দেওৰাজহাঁহ, ধৃতৰাজ, ভেলা, আকুহি বগ, চাইবেৰিয়ান পেলিকান, শৰালি, কাম চৰাইকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাইয়ে বিচৰণ কৰেহি এই চিৰিয়াখানাত । জলাশয় বিলাকত এনেদৰে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰে মুখৰিত হৈ থকাত প্ৰকৃতিপ্ৰমীৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা ৷
পৰ্যটনৰ পূৰ্ণ সম্ভাৱনা থকা আৰু ঐতিহাসিক ভিত্তি থকা পহুগড়ৰ উপযুক্ত সংৰক্ষণৰ সাম্প্ৰতিক অতিকৈ প্ৰয়োজন । কিয়নো আহোম স্বৰ্গদেউৱে নিৰ্মাণ কৰা মুঠ ৩৫০ বিঘা মাটিকালিৰ এই পহুগড়ৰ এক তৃতীয়াংশ ভূমি এতিয়া বেদখলকাৰীৰ কৱলত ৷
এই ক্ষেত্ৰত অৱশ্যে শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ ইতিমধ্যে শিৱসাগৰৰ জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই ২৮ অক্টোবৰত জাৰি কৰা এক আদেশ যোগে ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইন,১৯৭৩ ৰ ১৪৪ ধাৰাৰ অধীনত জিলাখনৰ পহুগড় অঞ্চলত বনভোজ, অবৈধভাৱে মাছ ধৰা, চিকাৰ কৰা, আৱৰ্জনা পেলোৱা আৰু লাউড স্পীকাৰ বজোৱা ইত্যাদি কাৰ্য নিষিদ্ধ কৰিছে। এনে ব্যৱস্থাই পৰিভ্ৰমী পক্ষীবিলাকক অধিক সুৰক্ষা প্ৰদান কৰা হৈছে।
যদি প্ৰশাসনে চিৰিয়াখানা খন সংৰক্ষণৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্ব দিয়ে তেন্তে এক ঐতিহাসিক সমল ৰক্ষা পোৱাৰ লগতে জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰতো চিৰিয়াখানা খনে আগবঢ়াব বিশেষ অৱদান ৷
লগতে পঢ়ক , বাক্সাত পোৱা যায় এবিধ বিশেষ শিল...