আমগুৰি, ১০ জুন : বতৰৰ ফল বতৰত খোৱাৰ আমেজেই কিছু সুকীয়া । এতিয়া লিচুৰ বতৰ । গ্ৰামাঞ্চলত প্ৰায়েই দেখা যায় লিচুৰ গছ । লমা-লমে ওলমি থকা লিচু খাবৰ কাৰণে এই সময়েই উত্তম সময় । ৰাজ্যত লিচু ফলক লৈ চলিছে এখন বৃহৎ বজাৰ । সকলোৰে জ্ঞাত যে, তেজপুৰৰ লিচু বিশ্ব বিখ্যাত । বহিঃৰাজ্যলৈও ৰপ্তানি হয় তেজপুৰৰ বিশ্ব বিখ্যাত লিচু (Famous Litchi Markent at Tezpur) ।
তেজপুৰৰ লেখিয়াকৈ উজনি অসমৰ সুস্বাদযুক্ত লিচুৰ আন এখন বৃহৎ বজাৰ গঢ় লৈ উঠিছে । শিৱসাগৰ আৰু যোৰহাট জিলা সংলগ্ন জাঁজী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বহা এই লিচু বজাৰখন এতিয়া উজনি অসমৰ লিচুৰ বৃহৎ বজাৰ হিচাপে পৰিগণিত হৈছে (Famous Litchi Markent at Jhanji) ।
তেজপুৰৰ পিচতে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে জাঁজীৰ লিচু বজাৰে । বৰ্তমান সময়ত অত্যন্ত সুস্বাদযুক্ত জাঁজীৰ লিচু বিখ্যাত হৈ উঠিছে । আনকি লিচুৰ এই বজাৰখনে গ্ৰাহকক হাত-বাউল দি মাতিছে । সুস্বাদু লিচু খাবলৈ এতিয়া বজাৰত হেতা-ওপৰা লাগিছে গ্ৰাহকৰ (Jhanji Litchi Markent) ।
উল্লেখ্য যে, বৃহত্তৰ জাঁজী অঞ্চলৰ আশে-পাশে থকা উভেনদী হৈ আছে লিচু গছ ৷ এই লিচু গছক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে লিচুৰ বজাৰখন । জানিব পৰা মতে, জাঁজীৰ বিভিন্ন এলেকাত এটা পৰিয়ালত কমেও দুজোপা আৰু অত্যাধিক বিশজোপা থকা পৰিয়ালো আছে । স্থানীয় যুৱকসকলে এনে পৰিয়ালৰ পৰা ১০০ ত তিনি-চাৰিশ টকাকৈ ক্ৰয় কৰি বিক্ৰী কৰি আহিছে । আনকি অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকে জাঁজীৰ সুস্বাদু লিচু খাই প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে ।
তেজপুৰৰ পিচতে খ্যাতি লাভ কৰা জাঁজীৰ লিচু বজাৰত নাই কৃত্ৰিমতা । স্থানীয় লিচু গছত পকি উঠা সুস্বাদযুক্ত লিচুসমূহ স্থানীয় শিক্ষিত যুৱকসকলে ক্ৰয় কৰি গ্ৰাহকক যোগান ধৰি আহিছে । জাঁজীৰ লিচুসমূহত কোনো ঔষধ, দৰৱ স্প্ৰে কৰা নহয় । সম্পূৰ্ণ প্ৰকৃতিগতভাৱে পকা এই লিচু অত্যধিক সুস্বাদযুক্ত হোৱাত প্ৰতিজন গ্ৰাহকে ইয়াক নোখোৱাকৈ থাকিব নোৱাৰে ।
লগতে পঢ়ক : Litchi Benefits: গৰম দিনত লিচু খোৱাৰ উপকাৰিতাৰ বিষয়ে জানেনে ? শৰীৰৰ বহু ৰোগ নিৰাময় কৰে লিচুৱে