ETV Bharat / state

অপহৃতৰ পৰিয়ালৰ ঘৰত অএনজিচি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক

author img

By

Published : Apr 21, 2021, 8:30 PM IST

শিৱসাগৰস্থিত অ'এনজিচি কলনীত দুই অপহৃতৰ পত্নীক সাক্ষাৎ অ'এনজিচিৰ কাৰ্যবাহী সঞ্চালকৰ ৷ কোলাত চাৰিমহীয়া সন্তান লৈ স্বামীক সুস্থ শৰীৰে ঘুৰাই দিবলৈ অপহৰণকাৰীলৈ আহ্বান পত্নীৰ ৷

অপহৃতৰ পৰিয়ালৰ ঘৰত অএনজিচি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক
অপহৃতৰ পৰিয়ালৰ ঘৰত অএনজিচি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক

শিৱসাগৰ,21 এপ্ৰিলঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে অপহৰণৰ ঘটনা । মাত্র কেইটামান দিন পূৰ্বে মুকলি আকাশৰ তললৈ অহা কুইপ’ৰ দুই বিষয়াৰ অপহৰণৰ ঘটনা শাম কাটোতেই পুনৰ এক অপহৰণৰ ঘটনাই আলফা স্বাধীনলৈ সন্দেহৰ আঙুলি তুলিছে । উল্লেখ্য যে, লাকুৱাৰ এটা ৰীগত এটা পাঁচজনীয়া সশস্ত্ৰ উগ্ৰপন্থীৰ এটা দলে অপহৰণ কৰি নিয়ে কর্মৰত অৱস্থাত থকা তিনি অসমীয়া যুৱক ক্রমে মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক ।

বুধবাৰে শিৱসাগৰ নগৰস্থিত অ'এনজিচিৰ কলনীৰ আৱাস গৃহত অপহৃত ৰিতুল শইকীয়া আৰু মোহিনী মোহন গগৈৰ পত্নীক সাক্ষাৎ কৰে অ'এনজিচিৰ কাৰ্যবাহী সঞ্চালক ঔম বীৰ সিঙে । অ'এনজিচিৰ এ ব্লকৰ ৩০১ আৰু ২৯৮ ত বাসক কৰি থকা পৰিয়াল দুটাক সাক্ষাৎ কৰি ঔম বীৰ সিঙে অপহৰণ সন্দৰ্ভত এই পৰ্যন্ত কোনো শুংসূত্ৰ লাভ কৰা নাই বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । লগতে অপহৃত কৰ্মচাৰী কেইজনক মুকলি কৰি আনিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি আশ্বাস দিয়ে ৷

কিন্তু, প্রশ্ন হয় কেইমাহমান পূর্বে কুইপ’ৰ দুই বিষয়াক অপহৰণ কৰি নিয়া আলফা স্বাধীনে দাবী কৰা মুক্তিপণ নোপোৱাৰ বাবে পুনৰ লক্ষ্য কৰিলে নেকি অ'এনজিচিৰ তিনি বিষয়া ক্রমে মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক ৷ আনহাতে এই বাতৰি যুগুত কৰা সময়লৈকে অপহৃতক লৈ কোনো ধৰণৰ দাবীমূলক বা স্পষ্টমূলক বার্তা লাভ নকৰাৰ বাবে এতিয়া অধিক শংকা আৰু অনিশ্চিয়তাত ভূগিছে অ'এনজিচি কৰ্তৃপক্ষৰ লগতে অপহৃতৰ পৰিয়াল ।

এটি চাৰিমহীয়া সন্তানৰ পিতৃ ৰিতুল শইকীয়াৰ পত্নী শতাব্দী শইকীয়া আৰু অপহৃত মোহিনী মোহন গগৈৰ পত্নী শ্ৰুতি শইকীয়া গগৈয়ে শোকত ভাগি পৰিছে । দুয়ো গৰাকীয়ে তেওঁলোকৰ স্বামীক সুস্থ শৰীৰেৰে মুকলি কৰি দিবলৈ কাতৰ অনুৰোধ জনাইছে অপহৰণকাৰীসকলক ।

লগতে পঢ়কঃ বহিৰাগত কোম্পানীৰ ৰামঠগন মাজুলীৰ কৃষকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.