ETV Bharat / state

ETV ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ অৱশেষত প্ৰশাসনে দ্বায়িত্ব ল'লে আমগুৰিৰ অসহায় বৃদ্ধৰ

author img

By

Published : Apr 8, 2020, 8:29 PM IST

ইটিভি ভাৰতৰ বাতৰি সম্প্ৰচাৰৰ পিচতে আমগুৰিৰ নিঃসহায় বৃদ্ধলোক গৰাকীৰ কাষত ঠিয় দিলে আমগুৰি প্ৰসাশন । সম্প্ৰতি অসহায় লোকজনক শিৱসাগৰৰ অস্থায়ী শিবিৰলৈ প্ৰেৰণ কৰিছে আমগুৰি ৰাজহ চক্ৰ বিষয়া ঋতুৰাজ বৰদলৈয়ে ।

ETV bharat news impact on the old person of amguri

আমগুৰি, 8 এপ্ৰিলঃ আমগুৰিত চাৰিদিনে লঘোণে ভোকে থকা এজন নিঃসহায় বৃদ্ধলোকৰ কাষত ঠিয় দিলে আমগুৰি প্ৰসাশন । বুধবাৰে ইটিভি ভাৰতত এই সন্দৰ্ভত এক বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতে আমগুৰিৰ ৰাজহ চক্ৰ বিষয়া ঋতুৰাজ বৰদলৈয়ে, শিৱসাগৰৰ অস্থায়ী শিবিৰলৈ প্ৰেৰণ কৰে অসহায় লোকজনক । দেশত হোৱা লক ডাউনৰ ফলত দিন হাজিৰা কৰা লোকগৰাকী অনাহাৰে থাকিবলগীয়া হৈছিল চাৰিটা দিন ।

প্ৰসাশনৰ দৃষ্টিগোচৰ হ'ল চাৰিদিন অনাহাৰে কটোৱা নিঃসহায় লোকজন

উল্লেখ্য যে, পিন্ধি থকা কাপোৰযোৰৰ বাহিৰে একোৱেই নাছিল লোকজনৰ । আনকি থাকিবলৈ এটা ঘৰ, শুবলৈ বিচনা এখন আৰু শীত নিবাৰণৰ বাবে কাপোৰ এখনো নাছিল তেওঁৰ । এটা শ্মশান ঘৰৰ মজিয়াত খেৰ পাৰি তাৰ ওপৰতে শুই দিন ৰাতি অতিবাহিত কৰিছিল বৃদ্ধ লোকগৰাকীয়ে ।

লগতে পঢ়কঃ লক ডাউনঃ চাৰিদিন অনাহাৰে পাৰ কৰিলে এগৰাকী বৃৃদ্ধই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.