শিৱসাগৰ , 10 এপ্ৰিল : বৃহস্পতিবাৰে হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো এটা দিন বাকী ৰোৱাৰ সময়তে মঙলবাৰে নিশা ডিমৌৰ আঠাবাৰী চাহ বাগিচাত সংঘটিত হয় নিৰ্বাচনী হিংসাৰ ঘটনা ৷ বিজেপি কৰ্মী আৰু কংগ্ৰেছ কৰ্মীৰ মাজত বাদানুবাদৰ সৃষ্টি হোৱাৰ পিচতে আঠাবাৰী চাহ বাগিচাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ৷ ঘটনাৰ উমান পায় একাংশ শ্ৰমিক ওলাই অহাত দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হৈ পৰিস্থিতি আৰু উত্তেজনাময় হৈ পৰে ৷
মঙলবাৰে নিশা আঠাবাৰী চাহ বাগিচাৰ অতুল পাণিকা নামৰ কংগ্ৰেছ কৰ্মীজনে নিজা গাড়ীখনেৰে ঘৰলৈ গৈ থকাৰ পথত বাগিচা কলঘৰৰ সমীপত গাড়ী খনৰ যান্ত্ৰিক বিজুতি ঘটে ৷ অভিযোগ অনুসৰি অতুল পাণিকাই সমনীয়াৰ সৈতে উক্ত স্থানত গাড়ীখন মেৰামতি কৰি থকাৰ সময়তে ডিমৌ দিশৰ পৰা তিনিখন গাড়ীত কেইজনমান বিজেপি কৰ্মীয়ে মুখত কলা কাপোৰ বান্ধি, হাতত লাঠী লৈ উপস্থিত হৈ অতুল পাণিকাৰক বিভিন্ন গালি-গালাজ কৰে ৷ লগতে ঘটনাৰ উমান পাই ঘৰৰ পৰা উলাই অহা শ্ৰমিক মহিলাসকলকো অভব্য আচৰণ কৰাৰ উপৰি শ্ৰমিক লাইনৰ চাৰিসীমাৰ বেৰাও ভাঙি পেলাই বুলি অভিযোগ দিয়ে শ্ৰমিক সকলে ৷ ইপিনে ঘটনা বিয়পি পৰা লগে লগে বাগিচাখনৰ শতাধিক চাহ শ্ৰমিক জনতাই হাতে হাতে লাঠী-জোং লৈ উলাই অহাত চাহ শ্ৰমিকক উদ্ভণ্ডালি কৰা অভিযুক্ত বিজেপিৰ কৰ্মী কেইজনে গাড়ীকেইখন লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ সেয়ে খঙত অগ্নিশৰ্মা আঠাবাৰী বাগিচাৰ ক্ষুদ্ধ শ্ৰমিক জনতাই ৰাজপথলৈ ওলাই আহি বিজেপিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়াৰ লগতে ডিমৌ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে ৷