ETV Bharat / state

Oxford ৰ ভেনম এন্ড টক্সিন কনফাৰেন্সত ভাগ ল'ব ডাঃ সুৰজিৎ গিৰিয়ে

author img

By

Published : Jun 25, 2021, 10:01 PM IST

ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়(Oxford University)ৰ অনলাইন যোগে অনুষ্ঠিত হ'ব লগীয়া এক আলোচনাচক্ৰত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে শিৱসাগৰৰ সংজ্ঞাহৰক চিকিৎসক ডাঃ সুৰজিৎ গিৰিয়ে ৷

_Oxford's Venom and Toxin Conference
Oxford ৰ ভেনম এন্ড টক্সিন কনফাৰেন্সত ভাগ ল'ব ডাঃ সুৰজিৎ গিৰিয়ে

শিৱসাগৰ, 25 জুন : অসমৰ বাবে সুখবৰ ৷ ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়(Oxford University)ৰ অনলাইন যোগে অনুষ্ঠিত হ'বলগীয়া এক আলোচনা চক্ৰত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে শিৱসাগৰৰ চিকিৎসক ডাঃ সুৰজিৎ গিৰিয়ে ৷ শিৱসাগৰৰ এজন সুদক্ষ, সৰ্প দংশন বিষয়ত অভিজ্ঞ সংজ্ঞাহৰক ডাঃ সুৰজিৎ গিৰিলৈ ইংলেণ্ডৰ অক্সফোর্ড বিশ্ববিদ্যালয়(Oxford University) দ্বৰা অনুষ্ঠিত হ’বলগীয়া এক অনলাইন আলোচনাৰ বাবে অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে ৷

জানিব পৰা মতে, ডাক্তৰ সুৰজিৎ গিৰিৰ তত্বাৱধানত এতিয়ালৈকে প্ৰায় পাঁচশৰ ও অধিক বিষাক্ত সর্পই দংশন কৰা লোক আৰোগ্য হৈ উঠিছে ৷ ডাক্তৰ গিৰিয়ে জনাইছে যে, ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় সৰ্পবীদ সকলৰ পৰীক্ষাত কৰি থকা পিট ভাইপাৰৰ পৰিসংখ্যাবোৰৰ বিষয়ে গুৰুত্ব সহকাৰে লৈছে ৷ লগতে পিট ভাইপাৰৰ ওপৰত অধ্যয়ন কৰা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞানী ডাঃ অনিতা মালহুত্ৰাই ২৫ আৰু ২৭ আগষ্ট তাৰিখে শিৱসাগৰ জিলা আৰু অসমৰ পিট ভাইপাৰৰ তথ্যবোৰ ভেনম এন্ড টক্সিন(Venoms and Toxins) কনফাৰেন্সত ইংলেণ্ডৰ অক্সফৰ্ড বিশ্ববিদ্যালয়(Oxford University)য়ে প্ৰকাশ কৰিব৷

এই আলোচনাচক্ৰ খনত শিৱসাগৰৰ এজন আগশাৰীৰ সংজ্ঞাহৰক চিকিৎসক ডাঃ সুৰজিৎ গিৰিয়ে আলোচক হিচাবে অংশ ল’বলৈ সুযোগ লাভ কৰিছে । ডাক্তৰ গিৰিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, গৱেষণাই আৰু আমাৰ প্ৰটকলে পিট ভাইপাৰৰ দ্বাৰা দংশিত ৰোগীক অপ্ৰয়োজনীয় ৰেফাৰ আদি বন্ধ কৰিব আৰু আমাৰ বিভিন্ন গাঁৱলীয়া চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা স্বাস্থ্য কৰ্মীক সাহস দিব ৷

লগতে পঢ়ক : কলিয়াবৰত মহিলা গাঁওৰক্ষী বাহিনীয়ে আটক কৰিলে চুলাই মদ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.