ETV Bharat / state

ডিমৌত স্বামীয়ে হত্য়া কৰিলে পত্নীক

ডিমৌৰ দেউৰীটিঙত লোমহৰ্ষক হত্যাকাণ্ড । কুঠাৰেৰে কাটি নিৰ্দয়ভাৱে স্বামীয়ে হত্যা কৰিলে পত্নীক ৷

author img

By

Published : Jun 21, 2019, 3:42 PM IST

ডিমৌত স্বামীৰ হাতত পত্নীৰ নিৰ্মম হত্যা

ডিমৌ,21 জুন: ডিমৌৰ দেউৰীটিঙত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। বকতা নেমুগুৰি থানাৰ দেউৰিটিং ১০ নম্বৰ লাইনৰ উমা ৰাজপুতে পুৱতি নিশা পুত্ৰৰ সন্মুখতে কুঠাৰেৰে কাটি নিৰ্দয়ভাৱে হত্যা কৰে পত্নী তুফানি ৰাজপুতক। তাৰপাচতেই স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ বকতা নেমুগুৰি আৰক্ষীক খবৰ দিয়ে ৷

ডিমৌত স্বামীৰ হাতত পত্নীৰ নিৰ্মম হত্যা

ইতিমধ্যে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বকতা আৰক্ষীয়ে ৷ এই লোমহৰ্ষক হত্যাকাণ্ডই সমগ্ৰ বকতা অঞ্চলত সৃষ্টি কৰিছে চাঞ্চল্যৰ।

ডিমৌৰ দেউৰীটিঙত এক লোমহৰ্ষক হত্যাকাণ্ড। কুঠাৰেৰে কাটি অতি নিৰ্দয়ভাৱে হত্যা কৰিলে নিজ পত্নীক
Story-BRUTAL MURDER
Ananta Smith
Sivasagar
21st June

A_SVR_21ST_JUNE_803-804_BRUTAL_MURDER_7203499

ডিমৌৰ দেউৰীটিঙত শুক্ৰবাৰে পুৱতি নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড। বকতা নেমুগুৰি থানাৰ অধীন দেউৰিটিং ১০ নম্বৰ লাইনৰ উমা ৰাজপুতে পুৱতি নিশা কুঠাৰেৰে কাটি অতি নিৰ্দয়ভাৱে পত্নী তুফানি ৰাজপুতক হত্যা কৰে। এটি তিনি বছৰীয়া পুত্ৰ সন্তানৰ চকুৰ সন্মুখতেই পত্নীক হত্যা কৰি হাতত কুঠাৰখন লৈ উন্মাদ হৈ পৰা হত্যাকাৰী উমাই পুৱা ৪ মান বজাত হাতত কুঠাৰখন লৈ ঘৰৰ বাহিৰত চিঞৰ-বাখৰ কৰি থকাতহে স্থানীয় লোকৰ সন্দেহ হয়। পিচত ১০ নম্বৰ লাইনৰ কেইবাজনো লোকে হত্যাকাৰীটোৰ হাতৰ পৰা কুঠাৰখন কাঢ়ি লৈ ভিতৰত পত্নী তুফানী ৰাজপুতৰ ক্ষত-বিক্ষত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। স্থানীয় লোকসকলে হত্যাকাৰীক কৰায়ত্ব কৰি ৰাখি বকতা নেমুগুৰি আৰক্ষীক খবৰ দিয়ে ঘৰৰ ভিতৰৰ পৰা তিনিবছৰীয়া শিশুটিক অক্ষত অৱস্থাত উদ্ধাৰ কৰে। আৰক্ষীয়ে হত্যাকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি মৃতদেহ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই লোমহৰ্ষক হত্যাকাণ্ডই সমগ্র বকতা অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে।

Bite-আৰক্ষী বিষয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.