ETV Bharat / state

18 ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ গৌৰীসাগৰ ৰেছম পামৰ হীৰক জয়ন্তী উদযাপন

author img

By

Published : Dec 12, 2021, 5:59 PM IST

গৌৰীসাগৰ ৰেছম পামৰ হীৰক জয়ন্তী উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা হৈছে (Diamond Jubilee of Gaurisagar Sericulture farm) । ব্ৰিটিছৰ আমোলত 1941 চনত স্থাপিত পলু-মুগা ফাৰ্ম খনে ইতিমধ্যে 80 টা বছৰ অতিক্ৰম কৰিলে ৷

Diamond Jubilee of Gaurisagar Sericulture farm
গৌৰীসাগৰ ৰেছম পামৰ হীৰক জয়ন্তী উদযাপন

আমগুৰি, ১২ ডিচেম্বৰ : শিৱসাগৰ জিলাৰ ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পাৰত অৱস্থিত গৌৰীসাগৰ ৰেছম পামৰ হীৰক জয়ন্তী উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা হৈছে (Diamond Jubilee of Gaurisagar Sericulture farm) । ব্ৰিটিছৰ আমোলত 1941 চনত স্থাপিত পলু-মুগা ফাৰ্ম খনে ইতিমধ্যে 80 টা বছৰ অতিক্ৰম কৰিলে ৷

পাট-মুগা পলু পালনৰ অন্যতম পাম হিচাপে পৰিগণিত হৈ অহা তথা এই ৰেছম পামখনত আছে 1550 জোপা নুনি আৰু চোম গছ ৷ ৰেছম পামখনৰ বিভাগীয় কৰ্মচাৰী তথা স্থানীয় ৰাইজৰ সহযোগ আৰু সিদ্ধান্ত মৰ্মে অহা 18 আৰু 19 ডিচেম্বৰত দুদিনীয়াকৈ উদযাপন কৰা হ'ব পামখনৰ হীৰক জয়ন্তী ।

লগতে পঢ়ক: Covid 19 positive at Balipara : বালিপৰাত কৰ’ণাত আক্ৰান্ত চৌদি আৰৱৰ পৰা অহা ব্যক্তি

উল্লেখ্য যে, মুগা পামখনৰ হীৰক জয়ন্তী উপলক্ষে 75 খন পতাকা উত্তোলন, মুগা পলু পালনৰ কৰ্মশালা, প্ৰদৰ্শনী, ছাত্র-ছাত্ৰী সকলৰ বাবে বিভিন্ন শৈক্ষক কাৰ্যসূচী গ্ৰহণ কৰা কথা সদৰী কৰিছে উদযাপন সমিতিয়ে ৷ মুগা-পলু পালকসকলক উৎসাহিত কৰিবলৈ কেইবাজনো সমল ব্যক্তিয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰি পলু পালনৰ প্ৰশিক্ষণ প্ৰদান কৰিব ।

তদুপৰি, গ্ৰাম্য অৰ্থনীতিত পলু পালনৰ গুৰুত্বৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এক বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে । ৰেছম পামখনৰ হীৰক জয়ন্তীৰ দ্বিতীয় দিনৰ মুকলি সভাত ৰেছম আৰু হস্ত-তাঁত বস্ত্ৰ শিল্প বিভাগ(Assam Handloom Textiles & Sericulture Department) ৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিভাগীয় উচ্চ পদস্থ বিষয়া, জিলা উপায়ুক্ত, জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকিব ৷

লগতে পঢ়ক: Omicron first case found in Chandigarh : চণ্ডীগড়ত অ’মিক্ৰণত আক্ৰান্ত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.