ETV Bharat / state

ইতিহাসপ্ৰসিদ্ধ শ্ৰীশ্ৰীআদ্য দেওপানী গজলা সত্ৰৰ কথাৰে......

author img

By

Published : Mar 17, 2020, 4:49 PM IST

শিৱসাগৰ জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীআদ্য দেওপানী গজলা সত্ৰত উদ্ধাৰ হৈছে ৰমানন্দ দ্বিজে কাইথেলি লিপিত লিখা শংকৰ চৰিত পুথি । আতন বুঢ়াগোঁহাইৰ অনুৰোধত ৰমানন্দ দ্বিজে কাইথেলি লিপিত লিখা শংকৰ চৰিত পুথি যোৱা কেইবাশতিকা ধৰি সংৰক্ষণ কৰি ৰখা হৈছে আদ্য দেওপানী গজলা সত্ৰত । ৰমানন্দ দ্বিজে সাঁচিপাতত লিখা এই শংকৰ চৰিত পুথি কোনো সত্ৰত বৰ্তমান পাবলৈ নাই ।

গজলা সত্ৰৰ কথাৰে
গজলা সত্ৰৰ কথাৰে

আমগুৰি,১৭ মাৰ্চঃ শিৱসাগৰ জিলাৰ ঐতিহাসিক শ্ৰীশ্ৰীআদ্য দেওপানী গজলা সত্ৰত উদ্ধাৰ হৈছে ৰমানন্দ দ্বিজে কাইথেলি লিপিত লিখা শংকৰ চৰিত পুথি । আতন বুঢ়াগোঁহাইৰ অনুৰোধত ৰমানন্দ দ্বিজে কাইথেলি লিপিত লিখা শংকৰ চৰিত পুথি যোৱা কেইবাশতিকা ধৰি সংৰক্ষণ কৰি ৰখা হৈছে আদ্য দেওপানী গজলা সত্ৰত । ৰমানন্দ দ্বিজে সাঁচিপাতত লিখা এই শংকৰ চৰিত পুথি কোনো সত্ৰত বৰ্তমান পাবলৈ নাই । গুৰুত্বপূৰ্ণ বিষয় যে,সংৰক্ষণৰ অভাৱত এই পুথি নষ্ট হ'বলৈ আৰম্ভ কৰিছে ।

শ্ৰীশ্ৰীআদ্য দেওপানী গজলা সত্ৰ

বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগক নেওচি সত্ৰখনে পুথিখন সংৰক্ষণ কৰি ৰাখিছে যদিয়ো পুথিখনিৰ অধিকাংশ পাত ঘূণ তথা কীট-পতংগই কুটি নষ্ট কৰিছে । ৰমানন্দ দ্বিজে সত্ৰখনলৈ আগবঢ়োৱা এই "শংকৰ চৰিত" পুথিখন বিৰল যদিয়ো এনেদৰে কীট-পতংগই কুটি নষ্ট কৰাৰ পিছত ৰাজ্যৰ পুৰাতত্ব বিভাগটোৱে উপযুক্ত গুৰুত্ব প্ৰদান নকৰা বিষয়টো যথেষ্ঠ তাৎপৰ্যপূৰ্ণ । ইয়াৰোপৰি সত্ৰখনত ২৫০খনৰো অধিক সাঁচিপতীয়া পুথি আৰু তুলাপাতৰ পুথি আছে । ঐতিহাসিক প্ৰমূল্যৰে ভৰপুৰ আৰু চহকী এই সত্ৰত পুথি সংৰক্ষণৰ কাৰণে এটি সংগ্ৰহালয়ৰ দৰকাৰ ৷ কিন্তু সংশ্লিষ্ট বিভাগৰ গুৰুত্বহীনতাৰ ফলত বহু আপুৰুগীয়া পুথি নষ্ট হৈ যাবলৈ আৰম্ভ কৰিছে ।

উল্লেখ্য যে,অসমৰ সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ এই সত্ৰসমূহ । ইষ্ট দেৱতাক উপাসনা কৰা,ধৰ্মীয় তত্ত্ব চৰ্চা আৰু প্ৰসাৰ ঘটোৱা সত্ৰৰ মূল লক্ষ্য ৷ ধৰ্মচৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতি যেনে বৰগীত,সত্ৰীয়া নৃত্য,চালি নৃত্য,ঝুমুৰা নৃত্য,দশাৱতাৰ নৃত্য আদিৰ চৰ্চাস্থলী । সত্ৰসমূহ হৈছে পুৰণি পুথি-পাঁজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ একো একোটা ভঁৰাল ৷ উল্লেখ্য যে,শিৱসাগৰৰ ঐতিহাসিক এখন সত্ৰ হৈছে শ্ৰীশ্ৰীআদ্য দেওপানী গজলা সত্ৰ । মহাপুৰুষীয়া কাল সংহতি পন্থৰ সত্ৰানুষ্ঠান এই সত্ৰ প্ৰতিষ্ঠা হৈছিল ১৬১৫ শকত । সৰু যদুমণি গজলা আতাৰ নাতি মধুদেৱে প্ৰতিষ্ঠা কৰা এই সত্ৰখন আমগুৰি সমষ্টিৰ জকাইচুক মৌজাৰ খনামুখ ১নং মাউৎ গাঁৱত অৱস্থিত ।

সত্ৰখনৰ পূৰ্বৰ স্থানলৈ আহোমৰ ৰাজত্বকালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ আগমন ঘটিছিল । ফুলেশ্বৰী কুঁৱৰীয়ে ৰাজপ্ৰদত্ত ভূমি আৰু পুখুৰী খন্দাইছিল । লগতে সত্ৰখনৰ উন্নতিৰ কাৰণে ৰাজসাহায্য আগবঢ়াইছিল ৷ কিন্তু সত্ৰখনে এই সাহায্য গ্ৰহণ কৰা নাছিল যাৰ কাৰণে সত্ৰখনৰ উন্নতিত বাধা আহি পৰিল ৷

ৰাজ্যখনৰ পুৰাতত্ত্ব বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে সত্ৰখন আজিকোপতি প্ৰচাৰ বিমুখ হৈ আছে । প্ৰলয়ংকৰী বান আৰু প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত সত্ৰখনৰ ১৯৮৬চনৰ বানপানীত দুষ্প্ৰাপ্য সাঁচিপতীয়া পুথিসমূহ নষ্ট হয় । বানপানীত উটি যায় বহু পুথি ৷ ইফালে,সত্তৰৰ দশকত সত্ৰখনিৰ পৰা পিতলৰ ডবা,বাঁহ-বেতৰ জপা,বৰ কাপোৰ(১৮ হাত দীঘল মুগা কাপোৰ),পুৰণা তাল,সোণ-ৰূপৰ ফুল আদি চুৰি হয় ।

পূৰ্বৰ সত্ৰাধিকাৰ প্ৰয়াত তিলেন্দ্ৰনাথ মহন্তই যতীন গোস্বামীৰ সহযোগত ভোগজৰা,হেংদাং,সাঁচিপাত,বেৰাকাঁহী আদি গুৱাহাটীৰ ৰাজ্যিক সংগ্ৰহালয়ত জমা দি সংৰক্ষণ কৰে । বৰ্তমানেও সত্ৰখনত পৰম্পৰা মানি সত্ৰীয়া কলা প্ৰশিক্ষণ,অংকীয়া ভাওনা চৰ্চা হোৱাৰ লগতে মিচিং জনগোষ্ঠীৰ ভাওনা অনুষ্ঠিত হয় । এনে এখন ঐতিহাসিক সত্ৰৰ প্ৰতি ৰাজ্যৰ পুৰাতত্ত্ব বিভাগৰ চকু কেতিয়া খোল খাব সেয়া সময়ত লক্ষণীয় হ'ব ।

লগতে চাওকঃকৰ’ণা ভাইৰাছত আক্ৰান্ত ভগৱান গণেশ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.