ETV Bharat / state

দিখৌৰ পানীত বিৰিঙিছে খাৰুৱা তেলঃ শংকিত নৈ পৰীয়া ৰাইজ

দিখৌ নৈত শুকুৰবাৰে পুৱা বৈ অহা খাৰুৱা তেলক লৈ চিন্তিত হৈ পৰিছে স্থানীয় লোক ৷ বাঘজান কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷

দিখৌৰ পানীত খাৰুৱা তেল
দিখৌৰ পানীত খাৰুৱা তেল
author img

By

Published : Aug 8, 2020, 7:06 PM IST

আমগুৰি, 8 আগষ্ট: দিখৌ নৈৰ পানীত বিৰিঙি উঠিছে খাৰুৱা তেল ৷ বিপদৰ সন্মুখীন জলজ প্ৰাণীৰ লগতে নৈ খনৰ নিকটৱৰ্তী লোকসকল ৷ কিয়নো নৈৰ পাৰৰ লোকসকলে এতিয়াও দিখৌৰ পানী সেৱন কৰাৰ লগতে, কাপোৰ, গা আদিও ধোৱে নৈ খনত ৷ অ এন জি চিয়ে নদীৰ ওপৰেৰে নিয়া পাইপৰ পৰা তেল দিখৌ নৈৰ পানীত মিহলি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ শুকুৰবাৰে পুৱাৰে পৰাই নদীৰ বুকুৱেদি খাৰুৱা তেল বৈ অহাত শংকিত হৈ পৰিছে স্থানীয় লোক ৷

দিখৌৰ পানীত খাৰুৱা তেলৰ পয়োভৰক লৈ শংকিত ৰাইজ

বাঘজানত সংঘটিত অগ্নিকাণ্ডৰ আতংক মাৰ নৌযাওতেই শিৱসাগৰৰ দিখৌ নৈত তেল বৈ অহা বিষয়ক লৈ এক ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ অইল কৰ্তৃপক্ষক অতি শীঘ্ৰেই এই ঘটনাৰ বিহিত ব্যৱস্থা কৰিবলৈ আহ্বান শংকিত ৰাইজৰ ৷ অ এন জি চিয়ে সংস্থাপন কৰা তেলৰ পাইপলাইন ফুটাৰ বাবেই এনে হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় লোকে ৷

লগতে পঢ়ক: গেলেকীত পুনৰ ONGC পাইপ লাইনৰ পৰা নিৰ্গত খাৰুৱা তেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.