ETV Bharat / state

ক’ভিডে স্থগিত কৰিলে শিৱসাগৰৰ দেৱী দ'লৰ ঐতিহাসিক পৰম্পৰা

author img

By

Published : Oct 24, 2020, 7:47 PM IST

দেৱী দ'লত এইবাৰ অনুষ্ঠিত নহয় সম্প্ৰীতিৰ উদাহৰণ দাঙি ধৰি মুছলমান ধৰ্মীয় দৌল্লা পৰিয়ালক ছাগলী প্ৰদান কৰা পৰ্ব ৷ ইয়াৰ পৰিৱৰ্তে নৱমীৰ দিনা দৌল্লা পৰিয়ালক শৰাই প্ৰদান কৰিব পূজা কমিটিয়ে ৷

Covid 19 stay historical tradition of Devi doul
কোভিডে স্থগিত কৰিলে শিৱসাগৰৰ দেৱী দ'লৰ ঐতিহাসিক পৰম্পৰা

শিৱসাগৰ, 24 অক্টোবৰ: কৰ'ণা ভাইৰাছৰ আতংকই এইবাৰ ম্লান পেলাইছে দুৰ্গা পূজাৰ মাদকতা ৷ চৰকাৰী নীতি নিয়ম মানি ৰাজ্যৰ পূজাস্থলী সমুহত অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গতিনাশিনীৰ পূজা ৷ কিন্তু পূজাস্থলীত নাই ভক্তৰ ভিৰ, নাই পূজাৰ উচ্চাহ উদ্দীপনা ৷ ইফালে এইবাৰ ক’ভিড পৰিস্থিতি তথা চৰকাৰী নিৰ্দেশনাৰ বাবে শিৱসাগৰৰ দেৱী দ'লত এইবাৰ অনুষ্ঠিত নহয় সম্প্ৰীতিৰ উদাহৰণ দাঙি ধৰি মুছলমান ধৰ্মীয় দৌল্লা পৰিয়ালক ছাগলী প্ৰদান কৰা পৰ্ব ৷ ইয়াৰ পৰিৱৰ্তে নৱমীৰ দিনা দৌল্লা পৰিয়ালক শৰাই প্ৰদান কৰিব পূজা কমিটিয়ে ৷ এই কথা জনাইছে পূজা কমিটিৰ বিষয়ববীয়াই ৷

উল্লেখ্য যে, শিৱসাগৰৰ দেৱী দ'ল আধ্যাত্মিক দিশৰ লগতে ঐতিহাসিক দিশৰ পৰা অসমৰ এক উল্লেখযোগ্য সম্পদ ৷ প্ৰায় তিনিশ বছৰ আগতে নিৰ্মাণ কৰা শিৱসাগৰ নগৰস্থিত দেৱী দ'ল বিশ্বাস-ভক্তি-আস্থাৰ অন্যতম প্ৰতীক ৷ দুৰ্গা পূজাৰ সময়ত এই দ'লত মা দুৰ্গাৰ প্ৰতি ভক্তি প্ৰদৰ্শনৰ বাবে অহা ভক্ত ৰাইজৰ ভিৰে এই দ'লৰ মাহাত্ম প্ৰকাশ কৰি আহিছে ৷ স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকাই এতিয়াৰ শিৱসাগৰ নগৰ তথা তেতিয়াৰ কলঞ্চুপৰীয়া গাঁৱত এক বৃহৎ পুখুৰী খন্দোৱাই নিৰ্মাণ কৰিছিল তিনিটা দ'ল ৷ শিৱ দ'ল,দেৱী দ'ল আৰু বিষ্ণু দ'ল এই তিনিওটা দ'লেই নিজ নিজ ভক্তৰ বিশ্বাস-ভক্তিৰ মানত অদ্বিতীয় ৷ তথাপিও শিৱসাগৰৰ দেৱী দ'লৰ মহিমা যেন অন্যান্য ৷ সদা জাগ্ৰত বুলি জনাজাত এই দ'লৰ প্ৰতি মানুহৰ ভক্তি বছৰ বছৰ ধৰি অটুট হৈ আছে ৷ দুৰ্গা পূজাৰ সময়ত এই দ'লত বলি বিধানৰ মাজেৰে এক বিশেষ ভক্তিভাৱ পৰিৱেশৰ সৃষ্টি হয় ৷ কিন্তু এনে বিশ্বাস ভক্তিৰ ওপৰিও এই দ'ল অন্যতম হিচাপে পৰিগণিত হৈ আহিছে অন্য এক পৰম্পৰাৰ বাবে; সম্প্ৰীতিৰ পৰম্পৰা, অসমীয়া সমাজ জীৱনৰ এনাজৰীৰ পৰম্পৰাৰ বাবে ৷ এইয়া হ’ল পূজা কমিটিয়ে নৱমীৰ দিনটোত সম্প্ৰীতিৰ উদাহৰণ দাঙি ধৰি মুছলমান ধৰ্মীয় দৌল্লা পৰিয়ালক ছাগলী প্ৰদান কাৰ্য ৷

উল্লেখ্য যে, দ'ল প্ৰতিষ্ঠাৰ সময়তে শিৱসাগৰ নগৰৰ ধাই আলিৰ মুছলমান ধৰ্মাৱলম্বীৰ দৌল্লা পৰিয়ালক দ'লৰ মাঙ্গলিক কাৰ্যত ঢাক বজাবৰ বাবে নিয়োগ কৰা হৈছিল ৷ ইয়াৰ বাবে দৌল্লা পৰিয়াল দেৱী দ'লৰ এক বিশেষ অংশ হৈ পৰিছিল ৷ এনে মাঙ্গলিক সেৱাৰ বাবে দৌল্লা পৰিয়ালক দুৰ্গা পূজাৰ অষ্টমীৰ বৰ বলিৰ এক নৈবদ্য জীৱন্ত ছাগলী প্ৰদানৰ পৰম্পৰা চলি আহিছে ৷ এই পৰম্পৰা ধৰ্মীয় সহিষ্ণুতাৰ দিশত সমগ্ৰ ভাৰততে বিৰল ৷ যাৰ বাবে প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত আলোচনা হয় শিৱসাগৰৰ দেৱী দ'ল আৰু দৌল্লা পৰিয়ালৰ শতিকা পুৰণি সম্পৰ্ক, অসমৰ ধৰ্মীয় সম্প্ৰীতিৰ এনাজৰী, বিশ্বাস আৰু মানুহৰ গুৰুত্ব ৷ প্ৰতি বছৰে এনে পৰম্পৰা পালন হৈ আহিছে যদিও এইবাৰ ক'ৰণা ভাইৰাছৰ আতংকৰ সময়ত এই পৰম্পৰা স্থৱিৰ হৈ পৰিল ৷ চৰকাৰৰ ক’ভিড প্ৰটকল, মানুহৰ ভয় আদিৰ বাবে এইবাৰ যিদৰে আন সমুহ পূজাস্থলীৰ দৰে দেৱী দ'লৰ পূজা স্তিমিত হৈ পৰিল, লগতে স্থৱিৰ হৈ পৰিল ঐতিহাসিক সম্প্ৰীতিৰ উদাহৰণ ৷ দ'ল উন্নয়ণ সমিতিয়ে জনোৱা অনুসৰি এইবাৰ আন বছৰৰ দৰে আনুষ্ঠানিকতা ৰক্ষা কৰি আড়ম্বৰপূৰ্ণভাৱে ৰূপায়ন নহয় এই বলি নৈবদ্য প্ৰদান কাৰ্যসূচী ৷ এইবাৰ দ'ল সমিতিৰ তৰফৰ পৰা নৱমীৰ দিনা দৌল্লা পৰিয়াললৈ প্ৰদান কৰা হ'ব এক নিয়ম মাফিক শৰাই ৷ এই বিষয়ক লৈ সুখী নহয় দৌল্লা পৰিয়াল ৷ আহোম ৰজাৰ দিনৰ পৰা চলি অহা এনে এনাজৰী অধিক মজবুত হোৱাৰ কামনা কৰিছে দৌল্লা পৰিয়ালে।

লগতে পঢ়কঃ ঐতিহাসিক মৰিডিক্ৰংগুৰি পূজা মণ্ডপত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.