আমগুৰি,21মাৰ্চ:নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ যিমানেই নিৰ্বাচন চমু চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ লগতে প্ৰাৰ্থীসকলৰ ৷ ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে প্ৰাৰ্থীসকলে ৷ শনিবাৰে ১০৩ নং আমগুৰি বিধান সভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ড৹ অংকিতা দত্তক চাহ শ্ৰমিকৰ সৈতে দেখা পোৱা গ'ল ৷
৬১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বৰবাম চাহ বাগিছাত চাহ শ্ৰমিকৰ সৈতে ব্যস্ত হৈ পৰিল কংগ্ৰেছ প্ৰাৰ্থীগৰাকী ৷ আনকি চাহ শ্ৰমিকসকলৰ সৈতে ফটোও উঠে অংকিতা দত্তই ৷ তদুপৰি বাগিচাত কৰ্মৰত চাহ শ্ৰমিকসকলক আগন্তুক নিৰ্বাচনত হাতৰ চিহ্নত ভোট দিবলৈ অনুৰোধ জনায় কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই ৷ উল্লেখ্য যে,আমগুৰি সমষ্টিৰ ৮ খনকৈ চাহ বাগিছাৰ প্ৰায় ২৭ হাজাৰ ভোটাৰে প্ৰতিটো নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে ৷ আনহাতে,এই সময়ছোৱাত অংকিতা দত্তৰ সৈতে উপস্থিত থাকে কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIৰ তত্ত্বাৱধায়ক চিয়া মিনুছা ৷
লগতে পঢ়কঃ 2021 ৰ নিৰ্বাচন সন্দৰ্ভত কি ক'লে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে ?