ETV Bharat / state

শিৱসাগৰত সপ্তম শিৱসাগৰ গ্ৰন্থ উৎসৱ আৰু যুৱ মহোৎসৱ

author img

By

Published : Feb 19, 2021, 1:38 PM IST

বৃহস্পতিবাৰৰ পৰা শিৱসাগৰৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত ১০ দিনীয়া কাৰ্যসূচীৰে সপ্তম শিৱসাগৰ গ্ৰন্থ উৎসৱ আৰু যুৱ মহোৎসৱৰ শুভাৰম্ভণি কৰা হয় ।

শিৱসাগৰত সপ্তম শিৱসাগৰ গ্ৰন্থ উৎসৱ আৰু যুৱ মহোৎসৱ
শিৱসাগৰত সপ্তম শিৱসাগৰ গ্ৰন্থ উৎসৱ আৰু যুৱ মহোৎসৱ

শিৱসাগৰ, ১৯ ফেব্ৰুৱাৰী: বৃহস্পতিবাৰৰ পৰা শিৱসাগৰত অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান 'খোজ' আৰু জিলা প্ৰশাসনৰ সহযোগত সপ্তম শিৱসাগৰ গ্ৰন্থ উৎসৱ আৰু শিৱসাগৰ যুৱ মহোৎসৱ আৰম্ভ হৈছে । উক্ত গ্ৰন্থ উৎসৱৰ শুভাৰম্ভণি কৰে 'খোজ'ৰ কাৰ্যকৰী সভাপতি ড° প্ৰকাশ কটকীয়ে । বৃহস্পতিবাৰে পুৱা পতাকা উত্তোলন, গ্ৰন্থ উৎসৱৰ মূল তোৰণ উদ্বোধন কৰাৰ পাচতে উদ্বোধনী অনুষ্ঠানৰ আৰম্ভ হয় । উদ্বোধনী অনুষ্ঠান শুভাৰম্ভ কৰে বিশিষ্ট অনুবাদক বাসুদেৱ দাসে ।

ইফালে, যুৱ মহোৎসৱৰ উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰাই । এই অনুষ্ঠানৰ লগত সংগতি ৰাখি 'খোজ'ৰ উদ্যোগত আগবঢ়োৱা ৰংপুৰ গৌৰৱ বঁটা বিশিষ্ট কবি-সাহিত্যিক প্ৰেম গগৈক প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মৌচাকৰ সম্পাদক শান্তনু তামুলী, শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ নাহেন্দ্ৰ পাদুন, বিশিষ্ট সমাজকৰ্মী চৈয়দ আহমেদ কবিৰকে ধৰি বিভিন্ন লোক ।

ভাষাতত্ত্ববিদ নাহেন্দ্ৰ পাদুন আৰু বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী চৈয়দ আহমেদ কবীৰক এই অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । উদ্বোধনী অনুষ্ঠানত ইমৰাণ শ্বাহৰ 'তোমালোকৰ হাতত', স্নিগ্ধা ৰাণী গগৈৰ 'ৰদ ঘাই চোতালত সৰা পাতৰ কথোপকথন' আৰু শ্ৰোতস্বিনী মঞজুলা দেৱীৰ ৩ খন কৈ গ্ৰন্থ উন্মোচন কৰা হয় । শিৱসাগৰ গ্ৰন্থ উৎসৱত অসমৰ অগ্ৰণী কেইবাটাও প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰাৰ লগতে প্ৰায় ৮০ খন গ্ৰন্থ বিপণী মুকলি কৰা হৈছে । আগন্তুক দহটা দিনত বিভিন্ন সৃঁজনীমূলক প্ৰতিযোগিতাৰ লগতে কেইবাখনো গ্ৰন্থ উন্মোচিত হ'ব এই গ্ৰন্থ উৎসৱৰ বাকৰিত ।

লগতে পঢ়ক:কাজিৰঙাত শোকাৱহ পথ দুৰ্ঘটনা, নিহত 3

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.