ETV Bharat / state

শিৱসাগৰৰ বাতৰি জগতৰ অন্যতম ব্য়ক্তি বিপুল শৰ্মাৰ স্মৃতিচাৰণ সভা

author img

By

Published : Nov 10, 2020, 6:24 PM IST

আশীৰ দশকত শৰ্মা ব্ৰাদাছ নামৰ বাতৰি কাকত পৰিৱেশক সংস্থা মুকলি কৰা বিপুল শৰ্মা শিৱসাগৰ জিলাখনৰ বাতৰি পৰিৱেশনৰ দিশত মূলস্তম্ভ হৈ পৰিছিল ।

Bipul Sarmah Memorial Meeting at Sivasagar
শিৱসাগৰৰ বাতৰি জগতৰ অন্যতম ব্য়ক্তি বিপুল শৰ্মাৰ স্মৃতিচাৰণ সভা

শিৱসাগৰ, 10 নৱেম্বৰ: অসম আন্দোলনৰ সক্ৰিয় নেতা বিপুল শৰ্মাৰ আদ্যশ্ৰাদ্ধ আৰু স্মৃতিচাৰণ সভা মঙলবাৰে শিৱসাগৰত অনুষ্ঠিত হয় । বিপুল শৰ্মা অসম আন্দোলনৰ এজন সক্ৰিয় নেতাৰ লগতে শিৱসাগৰৰ সংবাদ জগতৰ এজন উল্লেখযোগ্য ব্যক্তি আছিল । আশীৰ দশকত শৰ্মা ব্ৰাদাছ নামৰ বাতৰি কাকত পৰিৱেশক সংস্থা মুকলি কৰা বিপুল শৰ্মা শিৱসাগৰ জিলাখনৰ বাতৰি পৰিৱেশনৰ দিশত মূলস্তম্ভ হৈ পৰিছিল । বিভিন্ন সামাজিক কামত আগৰণুৱা শৰ্মা শিৱসাগৰৰ বহু অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল ।

বিপুল শৰ্মা ক’ভিড ৰোগত আক্ৰান্ত হৈ ৩১ অক্টোবৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় ৷ মঙলবাৰে শৰ্মাৰ কে.পি. চাৰিআলিস্থিত বাতৰি পৰিৱেশন প্ৰতিষ্ঠানত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে তেওঁৰ মেলাচকৰস্থিত বাসভৱনত এক স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয় । শিৱসাগৰৰ এম আই বড়া, সৌৰভ চলিহা, এনামুদ্দিন আহমেদকে ধৰি একাংশ সমাজ সচেতন ব্যক্তিৰ উদ্যোগত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভাত বহু লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: খোৱাঙত CAA বাতিল আৰু টাই আহোমক জনজাতিকৰণৰ দাবীত আটাছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.