শিৱসাগৰ, 2 আগষ্টঃ শিৱসাগৰৰ আমগুৰি চাহ বাগিচাত এক কৰুণ কাহিনী ৷ 5 বছৰীয়া কন্যাৰ দুৰাৰোগ্য ৰোগ ৷ চিকিৎসা কৰাবলৈ নাই ধন ৷
পখিলা খেদা বয়সত এটি কন্যা শিশু আক্ৰান্ত দুৰাৰোগ্য ৰোগত । 5 বছৰ বয়সতে দুৰাৰোগ্য অসুখত আক্ৰান্ত হৈ যুঁজিব লগা হৈছে জীৱন-মৃত্যুৰে । আমগুৰি চাহ বাগিচাৰ এই কন্যা শিশুটিৰ নাম নীলমণি কুৰ্মী । যোৱা দুটা বছৰ ধৰি ব্লাড কেন্সাৰত আক্ৰান্ত কন্যা শিশুটিৰ চিকিৎসাৰ বাবে পৰিয়ালটোক প্ৰয়াজন হৈছে অৰ্থৰ । উল্লেখ্য যে, বৰ্তমান "সৃষ্টি-- A Begining of New Hopes" নামৰ এটা এন জি অ'ই শিশুটিৰ উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে যদিও পৰিয়ালটো অৰ্থিক সংকটত পৰাৰ কাৰণে আগবাঢ়িব পৰা নাই ।
উপায়ন্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে কন্যা শিশুটিৰ আৰোগ্যৰ কাৰণে অসমবাসীৰ পৰা সহায় বিচাৰিছে । পৰিয়ালটোক সহায় কৰিব বিচাৰিলে ষ্টেট বেংকৰ একাউন্ট নম্বৰ---36292034358. IFSC--SBIN0010552 নম্বৰত আৰ্থিকভাৱে সহায় কৰিব পাৰিব । অথবা ম'বাইল ৮৬৩৮২৮২৭৪০ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনাইছে পৰিয়ালটোৱে ৷