শিৱসাগৰ, 8 নৱেম্বৰ : সংগঠনিক স্থিতি পৰ্যৱেক্ষণৰ বাবে উজনি অসম ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই ৷ এই ভ্ৰমণৰ অংশ স্বৰূপে মঙলবাৰে শিৱসাগৰত উপস্থিত হয় মহিলা মৰ্চাৰ সভানেত্ৰীগৰাকী (Angoorlata Deka in Sivasagar) ৷
ভাৰতীয় জনতা পাৰ্টিৰ মহিলা সৱলীকৰণ নীতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে সভানেত্ৰীগৰাকীয়ে । বিজেপি দলৰ নেতৃত্বই বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মহিলা আৰু যুৱচামক অগ্ৰাধিকাৰ দিয়াৰ বাবে আজিৰ দিনত ৰাজনৈতিক আৰু সামাজিক দিশত মহিলাৰ ব্যাপক অংশগ্ৰহণ হৈছে বুলি তেওঁ দাবী কৰে ।
লগতে পঢ়ক : Govt to Abolish 8000 Regular Posts of Teachers: ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্তিকৰণৰ নিৰ্দেশ
লগতে বিজেপি চৰকাৰে আঁচনি প্ৰদানৰ নামত কোনো পক্ষপাত গ্ৰহণ নকৰাৰ বাবে ৰাইজে বিশেষকৈ মহিলা শক্তি বিজেপি দলৰ প্ৰতি আকৰ্ষিত হোৱা বুলি তেওঁ মন্তব্য কৰে । আনহাতে, চৰকাৰ সলনিৰ প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য কৰি বটদ্ৰৱা সমষ্টিৰ প্ৰাক্তন বিধায়িকাগৰাকীয়ে ৷
লগতে তেওঁ বিজেপি চৰকাৰৰ দিনত হোৱা শান্তি আৰু সমৃদ্ধিক ৰাইজে কেতিয়াও আওকাণ নকৰে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে । ইয়াৰ উপৰিও, আগন্তুক লোকসভা নিৰ্বাচনত (Upcoming Lok Sabha election) প্ৰাৰ্থীত্ব লাভ কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই কয় যে, দলে যি দায়িত্ব দিছে তেওঁ নিষ্ঠাৰে পালন কৰিছে । দলে যদি তেওঁক আগন্তুক সময়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ কয় তেন্তে তেওঁ সেই দায়িত্ব পালন কৰিব ৷
লগতে পঢ়ক : MLA Amiya Bhuyan: বিধায়ক অমিয় ভূঞাক পহুখেদা সমষ্টিবাসী মহিলাৰ