আমগুৰি, ৩ জুলাইঃ অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী মুর্দাবাদ, কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী ৰতনলাল কাটাৰীয়া মুর্দাবাদ, মিছলীয়া নৰেন্দ্ৰ মোডী মুর্দাবাদ, নিমাতীকন্যা সৰ্বানন্দ সোণোৱাল মুর্দাবাদ, অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰক আদি শ্লো'গানেৰে পৰিবেশ উত্তাল কৰি তুলে।
বান আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা নহ'লে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদস্থলীত ছাত্ৰ মুক্তিৰ শিৱসাগৰ জিলাৰ সভাপতি ঋতুমণি হাজৰিকা,দুলাল কলিতা, সম্পাদক সীমান্ত গগৈ, আমগুৰি অঞ্চলিকৰ সভাপতি পল্লব শইকীয়া,সম্পাদক ৰবীন হাজৰিকা,ৰণ্টু শইকীয়া,বৰাহী বাৰী আঞ্চলিকৰ দেৱৰাজ তামুলী উপস্থিত থাকে।