ETV Bharat / state

গৌৰীসাগৰৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

author img

By

Published : Mar 11, 2021, 2:08 PM IST

গৌৰীসাগৰৰ জাঁজী লেফেৰা গাঁওৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ থিতাতে নিহত এগৰাকী মহিলা ৷

গৌৰীসাগৰৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা
গৌৰীসাগৰৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

আমগুৰি, ১১ মাৰ্চ: গৌৰীসাগৰৰ জাঁজী লেফেৰা গাঁৱৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত থিতাতে নিহত ৰশ্মি নাথ(৪২)নামৰ এগৰাকী বিবাহিত মহিলা ৷ AS 04 BC 6718 নম্বৰৰ সামগ্ৰী কঢ়িওৱা এখন য়োদ্ধা বাহনে আমগুৰিলৈ গৈ থকা আন এখন মেষ্ট্ৰো স্কুটিক তীব্ৰ জোৰে খুন্দিওৱাৰ ফলত স্কুটি চালক ৰশ্মি নাথ নামৰ মহিলাগৰাকী থিতাতে নিহত হয় ।

নিহত ৰশ্মি নাথ আমগুৰিত থকা নিজা কম্পিউটাৰ প্ৰতিষ্ঠানলৈ আহি আছিল । ঘটনাৰ পিছতেই গৌৰীসাগৰ আৰু আমগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সামগ্ৰী কঢ়িওৱা য়োদ্ধা গাড়ীৰ চালকক আটক কৰাৰ লগতে নিহত ৰশ্মি নাথৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ।

লগতে পঢ়কঃসমষ্টিবাসীক লৈ আত্মবিশ্বাসী বিধায়ক প্ৰশান্ত ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.