ETV Bharat / state

87 ত খোজ থ'লে কথাশিল্পী ইমৰাণ শ্বাহে - যুগদ্ৰষ্টা ইমৰাণ শ্বাহে ভৰি দিলে 87 বছৰত বয়সত

অসম সাহিত্য উপত্যকা বঁটা প্ৰাপক, কথাশিল্পী ইমৰাণ শ্বাহৰ আজি ওপজা দিন ৷ অসমীয়া ভাষা সাহিত্যৰ এগৰাকী অন্যতম যুগদ্ৰষ্টা ইমৰাণ শ্বাহে ভৰি দিলে 87 বছৰত বয়সত ৷

86 সংখ্যক ওপজা দিন কথাশিল্পী ইমৰান শ্বাহৰ
author img

By

Published : Nov 23, 2019, 1:30 PM IST

শিৱসাগৰ, 23 নৱেম্বৰঃ অসম সাহিত্য উপত্যকা বঁটা প্ৰাপক, কথাশিল্পী ইমৰাণ শ্বাহৰ আজি ওপজা দিন ৷ অসমীয়া ভাষা সাহিত্যৰ এগৰাকী অন্যতম যুগদ্ৰষ্টা ইমৰাণ শ্বাহে ভৰি দিলে 87 বছৰত বয়সত ৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমীয়া সাহিত্যৰ এক অন্যতম মাইলৰ খুঁটি ইমৰাণ শ্বাহ 1933 চনত শিৱসাগৰৰ ধাই আলিত জন্মগ্ৰহণ কৰিছিল ৷ আশীৰ দেওনা অতিক্ৰমী সাহিত্যিকগৰাকী এতিয়াও যেন চিৰ তৰুণ ৷ তেওঁ এতিয়াও ব্যস্ত বাৰীৰ ফুল-পাচলিৰ আৱদাৰত ৷ হাতত কলম লৈ এতিয়াও ধ্যানমগ্ন নিজৰ সৃষ্টি সাধনাত ৷ এতিয়া তেওঁ নতুনৰ সন্ধানত নতুন গ্ৰন্থৰ সুবাস বিচাৰি খোজ পেলাইছে ইন্টাৰনেটৰ জগতত ৷ ইমৰাণ শ্বাহে এতিয়া ইণ্টাৰনেটত সোৱাদ লৈছে থমান মানৰ "ডেথ ইন ভেনিচ এণ্ড চেভেন আডাৰ ষ্টৰিজ"ৰ দৰে জগত বিখ্যাত গ্ৰন্থৰ ৷ নৱবৰ্ষত তেওঁ নতুন গ্ৰন্থ উপহাৰ দিব অসমবাসীৰ বাবে ৷

86 সংখ্যক ওপজা দিন কথাশিল্পী ইমৰান শ্বাহৰ

ঈষাণ দত্ত, বাবুল ,অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামৰে অসংখ্য গল্প, কবিতা, উপন্যাস, প্ৰৱন্ধ আদি ৰচনা কৰা আজানপীৰ বঁটা প্ৰাপক সাহিত্যিক গৰাকীয়ে সাহিত্যৰ ক্ষেত্ৰত দীঘলীয়া পৰিক্ৰমা পাৰ কৰিও স্থৱিৰ হৈ পৰা নাই ৷ আনহাতে সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানচেন, অনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, জৱানবন্দী, বন্ধ দুৱাৰ, ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল, সৃষ্টি-দৃষ্টি, কুকুহা, দোকমোকালিৰ দৰে বহুকেইখন গ্ৰন্থৰ শ্ৰষ্টা ইমৰাণ শ্বাহে চহকী কৰিছে অসমীয়া সাহিত্যৰ ভঁৰাল ৷ নৱম শ্ৰেণীত পঢ়ি থাকোতেই 'বনবাসী'ৰ দৰে কবিতা সংকলনৰ ৰচনা সম্ভৱ কৰা ইমৰাণ শ্বাহৰ মতে আজিৰ দিনত অসমীয়া সাহিত্যৰ অৱস্থা ভাল ৷

লগতে কয় যে আজিৰ সাহিত্যৰ ক্ষেত্ৰ নতুন নতুন সাহিত্যিকেৰে ভৰপুৰ ৷ কিন্তু এইসকলে সাহিত্য সৃষ্টিৰ প্ৰকৃত সুবিধা আৰু সমল লাভ কৰা নাই ৷ তেওঁৰ দৃষ্টিত বিশ্বসাহিত্যৰ ভাণ্ডাৰৰ সৈতে আজিৰ পাঠক পৰিচিত হোৱা উচিত । তাৰ বাবে প্ৰয়োজন ন’বেল-বুকাৰৰ দৰে বঁটাপ্ৰাপ্ত গ্ৰন্থৰ যোগান । কিন্তু অসমৰ গ্ৰন্থ বিপনী অথবা গ্ৰন্থমেলাত এই গ্ৰন্থবোৰ সুলভ নহয় । এনে গ্ৰন্থ পঢ়িলেহে আজিৰ প্ৰজন্ম বিশ্ব মানদণ্ডৰ সৈতে চিনাকি হ’ব বুলিও তেওঁ মন্তব্য আগবঢ়ায় ৷ এই গৰাকী মহান মনিষীৰ ওপজা দিনত অলেখ-অযুত শুভেচ্ছাৰে ওপচাই পেলাই অসংখ্য গুণমুগ্ধই ৷

আৰু পঢ়কঃ কোকৰাঝাৰত প্ৰশিক্ষণৰত অৱস্থাত মৃত্যু পেৰাগ্লাইডিং খেলুৱৈৰ

Intro:Body:*কথাশিল্পী ইমৰান শ্বাহৰ ৮৬ সংখ্যক জন্মদিন-৮৭ বছৰ বয়সত ভৰি দি তৰুণ হৈ থকা গল্পকাৰ গৰাকী ব্যস্ত ইণ্টাৰনেটৰ জগতত-নতুন বছৰত অসমৰ ৰাইজক উপহাৰ দিব নতুন সৃষ্টি কৰ্ম*

Story-IMRAN SHAH BIRTHDAY
Ananta Smith
Sivasagar
23rd November

'বনবাসীৰ পৰা 'দোকমোকালি' লৈ এক দীঘলীয়া সাহিত্য সৃষ্টিৰ পৰিক্ৰমা অতিক্ৰম কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য উপত্যকা বঁটা প্ৰাপক,কথাশিল্পী ইমৰান শ্বাহৰ আজি ওপজা দিন।

১৯৩৩ চনত শিৱসাগৰ নগৰৰ ধাই আলিত জন্মলাভ কৰা অসমীয়া ভাষা-সাহিত্যৰ আন্যতম মাইলখুটা ইমাৰান শ্বাহে আজি ভৰি দিয়ে ৮৭ বছৰত।

আশীৰ দেওনাৰ শেষ সীমাত ভৰি দিও যেন কথাশিল্পী গৰাকী তৰুণ।মুখত মিচিকিয়া হাঁহি, পিন্ধনত বগা পাইজামা-বনিয়ন,হাতত কোৰ খন্তি লৈ এইজন চিৰ তৰুণ আজিও ব্যস্ত হৈ পৰে বাৰীৰ ফুল-পাচলিৰ আৱদাৰত।এতিয়াও হাতত কলম লৈ।বহে সৃষ্টিৰ সাধনাত।নতুনৰ সন্ধান কৰে ইণ্টাৰনেটৰ মাধ্যমত।কিমান চফল আৰু সুস্থ হৈ থাকিলে ইণ্টাৰনেটত নতুন নতুন গ্ৰন্থৰ সুবাস বিচাৰিব পৰা যায়!!ইমৰান শ্বাহে এতিয়া জন্মদিনৰ প্ৰাক মূহুৰ্তত ইণ্টাৰনেটত সোৱাদ লৈছে থমান মানৰ "ডেথ ইন ভেনিচ এণ্ড চেভেন আডাৰ ষ্টৰিজ"ৰ দৰে জগত বিখ্যাত গ্ৰন্থৰ।পৰিকল্পনা কৰি বাস্তৱত ৰূপায়িত কৰিব গৈ আছে নতুন সৃষ্টিৰ।ইমৰান শ্বাহে নৱবৰ্ষ উপলক্ষে অসমীয়া পাঠকৰ হাতত তুলি দিব নতুন গ্ৰন্থ।এতিয়াও নাম স্থিৰ নকৰা নতুন কিতাখন অহা বছৰ জানুৱাৰী মাহত প্ৰকাশৰ মুখ দেখিব।ঈষাণ দত্ত,বাবুল,অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামত গল্প,কবিতা,উপন্যাস, প্ৰৱন্ধ আদি ৰচনা কৰা আজানপীৰ বঁটা প্ৰাপক সাহিত্যিক গৰাকীয়ে সাহিত্য ক্ষেত্ৰত দীঘলীয়া পৰিক্ৰমা পাৰ কৰিও স্থৱিৰ হৈ পৰা নাই।সংগীতৰ সিপাৰে,জোনাকৰ ছবি,তানচেন,অনমিতা,ক্ৰান্তীৰেখা,সাগৰীকা,জৱানবন্দী,বন্ধ দুৱাৰ,।ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল,সৃষ্টি-দৃষ্টি, কুকুহা,দোকমোকালিৰ দৰে বহু কেইখন গ্ৰন্থ প্ৰাণ পাইছে সাহিত্যিক গৰাকীৰ পৰিপুষ্ট চিন্তাত। মৃদুভাষী সৃষ্টিৰ সাধক জনৰ নাই কোনো পৰিকল্পনা।ৰাইজৰ মৰম তেওঁৰ বাবে সৃষ্টিৰ সমল।নৱম শ্ৰেণীত পঢ়ি থাকোতে 'বনবাসী'ৰ দৰে ৰচনা সম্ভৱ কৰা ইমৰান শ্বাহৰ মতে আজিৰ দিনত অসমীয়া সাহিত্যৰ ভাল অৱস্থা।আজিৰ সাহিত্য ক্ষেত্ৰ নতুন নতুন সাহিত্যিকেৰে ভৰপূৰ।কিন্তু এই সকলে সাহিত্য সৃষ্টিৰ প্ৰকৃত সুবিধা আৰু সমল লাভ কৰা নাই।তেওঁৰ দৃষ্টিত বিশ্বসাহিত্যৰ ভাণ্ডাৰৰ সৈতে আজিৰ পাঠক পৰিচিত হোৱা উচিৎ।তাৰ বাবে প্ৰয়োজন এনে গ্ৰন্থৰ যোগান।কিন্তু অসমৰ গ্ৰন্থ বিপনী অথবা গ্ৰন্থমেলাত নবেল-বুকাৰৰ দৰে বঁটাপ্ৰাপ্ত নতুন নতুন গ্ৰন্থবোৰ সুলভ নহয়।এনে গ্ৰন্থ পঢ়িলেহে আজিৰ প্ৰজন্ম বিশ্ব মানদণ্ডৰ সৈতে চিনাকি হব।আজি পুৱাৰে পৰা বিভিন্ন জনে মৰমৰ স্ৰষ্টা গৰাকীক শুভেচ্ছা জনাইছে।।

Bite:ইমৰান শ্বাহ।।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.