শিৱসাগৰ, 26 জানুৱাৰী : শিৱসাগৰত শ্বহীদ মণিৰাম দেৱানৰ ১৬২ সংখ্যক মৃত্যু দিৱস উদযাপন ৷ ১৮৫৮ চনৰ আজিৰ দিনটোতে অসমৰ স্বাধীনতা আন্দোলনৰ যুঁজাৰু মণিৰাম দেৱানক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কোম্পানীৰ শাসন ওফৰোৱাৰ ষড়যন্ত্ৰত ফাঁচী দিছিল । তেখেতৰ মৃত্যু দিনত শিৱসাগৰ নগৰৰ যুৱদলত চেম্বাৰচ অৱ কমাৰ্চে উদযাপন কৰিছে উদ্যমিতা দিৱস । অসমৰ প্ৰথম গৰাকী পঞ্জীকৃত ব্যৱসায়ী মণিৰাম দেৱান বহু ব্যৱসায়ৰ বাটকটীয়া আছিল । বৃটিছ কোম্পানীৰ চিৰস্তাদাৰ, বেলি মাৰ যোৱা আহোম শাসনৰ বৰভাণ্ডাৰ, আছাম টি কোম্পানীৰ দেৱান আদি বহু গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰা মণিৰাম দেৱান কেৱল অসমৰ ৰাজনৈতিক অৱস্থাৰ এজন পুৰুধা ব্যক্তি নাছিল । মণিৰাম দেৱান আছিল প্ৰথম অসমীয়া পঞ্জীকৃত ব্যৱসায়ী ।
এইগৰাকী উদ্যোগী লোকক সোঁৱৰণ কৰি চেম্বাৰচ অৱ কমাৰ্চৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা চেম্বাৰচ অৱ কমাৰ্চে দিন যোৰা কাৰ্যসূচীৰে উদ্যোমিতা দিৱস অনুষ্ঠিত কৰে । বিভিন্ন অনুষ্ঠানৰ মাজেৰে আয়োজন কৰা এই দিৱসত উদ্যোগ আৰু ব্যৱসায় সন্দৰ্ভত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত বক্তব্য ৰাখে ড৹ সৌমাৰজ্যোতি মহন্ত আৰু ড৹ সব্যসাচী মহন্তই । অনুষ্ঠানত উপস্থিত থাকে মণিৰাম দেৱানৰ পৰিনাতী শংকৰ বৰুৱা, শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাকে ধৰি বহু বিশিষ্ট ব্যক্তি ৷ আনহাতে মণিৰাম দেৱানৰ পৰিনাতী শংকৰ বৰুৱাই তেওঁৰ পূৰ্বপুৰুষ মণিৰাম দেৱানৰ ত্যাগ আৰু কৰ্মৰ প্ৰকৃত মূল্যায়ণ আৰু স্বীকৃতি এতিয়াও লাভ কৰা নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
আৰু পঢ়ক : শিৱসাগৰত আটাছুৰ CAA বিৰোধী "গণ অৱস্থান"