ETV Bharat / state

স্থিতিত অটল অসম চৰকাৰ, মহানগৰীৰ মাজেৰে যাব নোৱাৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা

অসমত প্ৰত্যাহ্বানৰ সন্মুখীন ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ গুৱাহাটী মহানগৰীৰ মাজেৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসম চৰকাৰে নিদিয়ে অনুমতি, সাংবাদিকৰে মত-বিনিময়তো বাধাৰ অভিযোগ ৷

author img

By ETV Bharat Assamese Team

Published : Jan 21, 2024, 8:32 AM IST

Updated : Jan 23, 2024, 10:16 AM IST

congress faces challenges
পুনৰ বাধাৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা

গুৱাহাটী, 21 জানুৱাৰী: অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই বিজেপি শাসিত ৰাজ্য চৰকাৰৰ দ্বাৰা কঠোৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ৷ অসমত ৰাহুল গান্ধীৰ এই যাত্ৰাই দেওবাৰে চতুৰ্থ দিনত ভৰি দিছে ৷ অহা 23 জানুৱাৰীত গুৱাহাটী মহানগৰীত পদযাত্ৰাৰ লগতে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাৰ পৰিকল্পনা আছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৷ কিন্তু এই পৰ্যন্ত এই বিষয়ত অনুমতি দিবলৈ অসম চৰকাৰে অস্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ আনকি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতে মহানগৰৰ মাজেৰে ভাৰত জোড়ো যাত্ৰাৰ অনুমতি দিয়া নহ’ব বুলি উল্লেখ কৰা বুলি প্ৰকাশ পাইছে ৷

  • The Assam CM continues to deny permission to the Bharat Jodo Nyay Yatra to enter Guwahati on January 23rd. He is also refusing permission to @RahulGandhi to interact with the media at the Guwahati Press Club at the Club's invitation. Clearly the Assam CM is very nervous and…

    — Jairam Ramesh (@Jairam_Ramesh) January 20, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে শনিবাৰৰ সন্ধিয়া অভিযোগ উত্থাপন কৰিছে যে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদ মাধ্যমৰ সৈতে মত বিনিময়ৰো অনুমতি দিয়া নাই অসম চৰকাৰে । সামাজিক মাধ্যম X ত জয়ৰাম ৰমেশে লিখিছে, “অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা 23 জানুৱাৰীত গুৱাহাটীত প্ৰৱেশৰ বাবে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে । লগতে গুৱাহাটী প্ৰেছ ক্লাৱত ক্লাবৰ আমন্ত্ৰণমৰ্মে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিবলৈ ৰাহুল গান্ধীক অনুমতি দিবলৈও অস্বীকাৰ কৰিছে । অসমত এই পৰ্যন্ত যাত্ৰাৰ প্ৰতি ব্যাপক সঁহাৰি দেখি অসমৰ মুখ্যমন্ত্ৰীগৰাকী অতি অস্থিৰ হৈ পৰাৰ লগতে যে ভয় খাইছে সেয়া স্পষ্ট হৈ পৰিছে ।”

আনহাতে, বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই কয় যে শনিবাৰৰ সন্ধিয়া শইকীয়াই গুৱাহাটী পুলিচ কমিচনাৰেটৰ চোৰাংচোৱা বিভাগৰ DCP গৰাকীক ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অনুমতিৰ প্ৰসংগত জানিবলৈ যোগাযোগ কৰিছিল । ডিচিপিগৰাকীয়ে শইকীয়াক মহানগৰীত যাত্ৰাৰ অনুমতি দিয়া নহ’ব আৰু এই যাত্ৰা ৰাষ্ট্ৰীয় ঘাইপথ গুৱাহাটীৰ খানাপাৰা, বশিষ্ঠ, লখৰা, গড়চুক আদিৰ মাজেৰে যাব লাগিব বুলি জনায় ৷ আনকি প্ৰেছ ক্লাবৰ নিমন্ত্ৰণীও গ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ'ব বুলি জনায় কংগ্ৰেছ নেতাজনে ৷

উল্লেখযোগ্য যে, যোৱা 18 জানুৱাৰীত মখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছিল যে গুৱাহাটীৰ মহানগৰীৰ মাজেৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা যাব নোৱাৰে অৰ্থাৎ অসম চৰকাৰে ইয়াৰ বাবে অনুমতি প্ৰদান নকৰে ৷ এতিয়াও এই স্থিতিতে অটল হৈ আছে অসম চৰকাৰ ৷ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে জোৰ কৰি ৰাহুল গান্ধীৰ কনভয় গুৱাহাটী মহানগৰীৰ মাজেৰে যাব খুজিলে অসম চৰকাৰে বাধা নিদিয়ে বুলি মন্তব্য কৰিছিল ৷ আইন-শৃংখলা ভংগৰ গোচৰ তৰি লোকসভা নিৰ্বাচনৰ পিছত ৰাহুল গান্ধীৰ দুজন ব্যক্তিক অসম চৰকাৰে আলহী কৰি আনিব বুলি সকিয়নি প্ৰদান কৰিছিল ৷

লগতে পঢ়ক: ভাৰত জোড়ো ন্যায় যাত্ৰাক সমৰ্থন কা বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ

Last Updated : Jan 23, 2024, 10:16 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.