ETV Bharat / state

Zubeen Garg cultural night : নলবাৰীত জুবিনৰ সাংস্কৃতিক অনুষ্ঠানত আৰক্ষীৰ লাঠীচালনা - Zubeen Garg performs cultural programme at Nalbari

পঞ্চাদশ বাৰ্ষিক পশ্চিম নলবাৰী ৰঙালী বিহুত সোমবাৰে নিশা আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান (Zubeen Garg performs cultural programme)। এই অনুষ্ঠানতে সৃষ্টি হয় বেমেজালি ৷ দৰ্শকক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলৈ উদ্যত হয় ।

Zubeen Garg performs cultural programme
পশ্চিম নলবাৰীত জুবিন গাৰ্গ
author img

By

Published : May 2, 2023, 10:48 AM IST

পশ্চিম নলবাৰীত জুবিন গাৰ্গ

নলবাৰী, ২ মে' : সংগীতশিল্পী, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ সংগীতৰ সুৰেৰে মুখৰিত হৈ পৰে পশ্চিম নলবাৰী (Zubeen Garg In Nalbari)। পশ্চিম নলবাৰী আঞ্চলিক ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত কণ্ঠদান কৰে জুবিন গাৰ্গে । পিছে জুবিনৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা একাংশ উদণ্ড দৰ্শকক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰিবলগাত পৰে ৷

জানিব পৰা মতে, সোমবাৰে নিশা নলবাৰী জিলাৰ বেলশৰত ৰঙালী বিহুৰ অনুষ্ঠানত জুবিন গাৰ্গক সংগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল। জুবিনৰ দীত উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকেৰে ভৰি পৰে পশ্চিম নলবাৰীৰ বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ (Zubeen Garg performs cultural programme in Nalbari)। পঞ্চাদশ বাৰ্ষিক পশ্চিম নলবাৰী ৰঙালী বিহুৰ সোমবাৰৰ নিশা সাংস্কৃতিক সন্ধিয়াৰ আমন্ত্ৰিত কণ্ঠশিল্পী আছিল জুবিন গাৰ্গ ।

গছৰ ডাল, ঘৰৰ মুধচ আদিত উঠি নিশা কেইবা সহাস্ৰাধিক লোকেৰে জুবিনময় হৈ পৰে বেলশৰ । 'মায়াবিনী ৰাতিৰ বুকু'ৰে আৰম্ভ কৰি জুবিন গাৰ্গে বহু ন-পুৰণি গীতৰ কণ্ঠৰে মুগ্ধ কৰে সহাস্ৰাধিক দৰ্শকক । ইয়াৰ মাজতে জুবিনে নতুনকৈ কাম কৰাৰ কথা কোৱাৰ লগতে নিজকে পাগল বুলিও আখ্যা দিয়ে গাৰ্গে । এটাৰ পিচত আন এটা জনপ্ৰিয় গীত গাই দৰ্শকৰ মন জয় কৰে জুবিন গাৰ্গে (Zubeen Garg controversy)।

তাৰ মাজতে যান্ত্ৰিক বিজুতিৰ বাবে কিছু সময় অনুষ্ঠান বন্ধ ৰাখিবলগীয়াও হয় । মুঠৰ ওপৰত জুবিন গাৰ্গৰ সুমধুৰ কণ্ঠৰ মায়াজালত বন্দী হৈছিল হাজাৰ হাজাৰ দৰ্শক । ইপিনে, সংগীতানুষ্ঠানৰ সমান্তৰালকৈ দৰ্শকৰ মাজত একাংশ দৰ্শকে উদ্ভণ্ডালি কৰাক লৈ আৰক্ষীয়ে লাঠীচালনা কৰিবলগীয়া হয় । লাঠিচালনাৰে এনে উদণ্ড দৰ্শকক বহুবাৰ ছত্ৰভংগ দিয়া হয় যদিও বাৰে বাৰে সেইসকল দৰ্শকৰ ওপৰত আৰক্ষী চি আৰ পি এফ সষ্টম হৈ থকা পৰিলক্ষিত হয় ।

জুবিনৰ গানৰ সমানেই আৰক্ষী-চি আৰ পি এফে লাঠীচালনা কৰি থাকে । পৰিস্থিতি অনিয়ন্ত্ৰণৰ মাজেৰেই জুবিন গাৰ্গৰ সংগীতৰ এই অনুষ্ঠানটি সমাপ্ত হয় । উল্লেখ্য় যে, ২০২২ চনৰ ৬ মে’ত সংগীত শিল্পী, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ সংগীতানুষ্ঠানত বেমেজালি হৈছিল ৷ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা কৰিবলগীয়া হৈছিল ।

লগতে পঢ়ক : DHS Assam Result 2023 : অভাৰলেপিঙৰ নাটক বন্ধ কৰিবলৈ চৰকাৰলৈ আহ্বান কৃষক মুক্তিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.