নলবাৰী, 5 জুন : মুকালমুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত শুকুৰবাৰে নিশা মুকালমুৱাৰ সমীপৰ নাৰুৱাৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷ নাৰুৱাৰ দিনো বড়ো নামৰ অবৈধ সুৰা ব্যৱসায়ী জনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে এই অবৈধ বিলাতী সুৰাখিনি৷ মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ এটা দলে দিনো বড়োৰ ঘৰত চলাইছিল এই অভিযান ৷
উল্লেখ্য যে, আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলাই সাৰিবলৈ সক্ষম হয় অবৈধ সুৰা ব্যৱসায়ী দিনো বড়ো ৷ প্ৰাপ্ত খবৰ অনুসৰি দিনো বড়োৱে গোপনে অঞ্চলটোত দীৰ্ঘদিন ধৰি বিলাতী সুৰাৰ ৰমৰমীয়া বেহা চলাই আহিছিল ৷ ড্ৰাগছৰ সমান্তৰালকৈ এতিয়া অবৈধ সুৰাৰ ঘাটি উচ্ছেদ অভিযান নামি পৰিছে মুকালমুৱা আৰক্ষী ৷
লগতে পঢ়কঃ থুৰাজান চাহ বাগিচাত পূৰ্বে নেদেখা বিৰল দৃশ্য