নলবাৰী , 01 জুন : শনিবাৰে নলবাৰীৰ বৰকুৰাস্থিত 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জিৰণি চ'ৰাত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ যাত্ৰীবাহী গাড়ীৰ কৰ্মচাৰীয়ে পুৱা পুৰুষ এজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰে ৷
কিন্তু দুপৰীয়া ডেৰ বজালৈ মৃতদেহটো জিৰণি চ'ৰাতে পৰি থাকিল ৷ অভিযোগ অনুসৰি কাষৰে আৰক্ষী পাৰ হৈ যোৱাৰ পাচতো মৃতদেহটো উঠাই নিবলৈ আহৰি নহ'ল আৰক্ষীৰ ৷ যাৰ ফলত বাতৰি সংগ্ৰহ কৰা পৰ্যন্ত এনেদৰেই মৃতদেহটো জিৰণি চ'ৰাত পৰি থাকিল ৷