ফৰেণচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ মন্ত্ৰী পীযুষৰ ম’বাইল
শনিবাৰে মন্ত্ৰী পীযুষ হাজৰিকাৰ ম’বাইল ফৰেণচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ ৷ মন্ত্ৰী হাজৰিকাই সাংবাদিকক ভাবুকি প্ৰদান কৰাৰ পাচতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ ৷ নিৰ্বাচন আয়োগৰ কঠোৰ নিৰ্দেশনাৰ অন্তত কণ্ঠ পৰীক্ষাৰ বাবে পৰীক্ষাগাৰলৈ পঠিওৱা হয় মন্ত্ৰীগৰাকীৰ ফোনটো ৷
হিমন্তক ভাল ৰাজনীতিবিদ হোৱাৰ আহ্বান প্ৰমিলাৰাণীৰ
বাহুবল, ধনবল পৰিত্যাগ কৰি মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ভাল ৰাজনীতিবিদ হোৱাৰ আহ্বান মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ ৷ মন্ত্ৰী ড৹ শৰ্মাৰ পাছতে কোকৰাঝাৰত বিশাল ৰোড শ্ব' ৰে শক্তি প্ৰদৰ্শন কৰি এই আহ্বান মন্ত্ৰী ব্ৰহ্মৰ ৷ এইবাৰৰ নিৰ্বাচনত বিজয় লাভক লৈ নিশ্চিত মন্ত্ৰী তথা বিপিএফ প্ৰাৰ্থী গৰাকী ৷
অৱশেষত বাসগৃহত উপস্থিত আলফাৰ দ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈ
অৱশেষত নিজা ঘৰত উপস্থিত আলফাৰ দ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈ। তিনিচুকীয়াৰ পৰা আহি নিশা উপস্থিত হোৱা গগৈয়ে ব্যক্ত কৰিলে আলফা শিৱিৰৰ সকলো কথা ।
বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ বিৰুদ্ধ ভয়-ভাবুকি প্ৰদানৰ অভিযোগ
কমলপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ বিৰুদ্ধে কংগ্ৰেছৰ সমৰ্থকক ভয়-ভাবুকি প্ৰদান কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনত স্ংবাদমেলৰ আয়োজন কৰি কি ক‘লে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্র তথা কমলপুৰ সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰ ভট্টাচাৰ্য আৰু ভুক্তভোগী পাৰ্শ্বজ্যোতি ব'ব কলিতাই ?
নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিপিএফ প্ৰাৰ্থীৰ বিজেপিত যোগদান
সমষ্টিটোৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ৰামদাস বসুমতাৰী বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগ দান কৰা বুলি মন্তব্য কৰে ৷ বিধায়ক গৰাকীয়ে জানিব দিয়া মতে, সমষ্টিটোৰ কেইবাগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাসী প্ৰত্যাখ্যান কৰি বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দলীয় টিকট দিছিল ৰামদাস বসুমতাৰীক ৷ কিন্তু দলৰ শীৰ্ষ নেতৃত্বৰ পৰা পোৱা আচৰণৰ কাৰণে তেওঁ দল ত্যাগ কৰা বুলি মন্তব্য কৰে তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা বিজেপি নেতা ইমানুৱেল মুছাহাৰীয়ে ৷
আজমল চিলেটীয়া মূলৰ মানুহ: ৰঞ্জিত দাস
"মুছমান মানে নহয় কোনো এআইইউডিএফ অথবা কংগ্ৰেছী ৷ এই লৈ প্ৰমাণ আছে বিজেপিৰ হাতত ৷ বৰক্ষেত্ৰীৰ নাৰায়ন ডেকা, কৰিমগঞ্জৰ কৃপানাথ মাল্লাৰ দৰে বিজেপি নেতা সকলক সংখ্যালঘু ভোটাৰেহে ভোট দি জিকাইছে ৷ কোনো সংখ্যালঘু লোকে এইবাৰ এআইইউডিএফক ভোট নিদিয়ে ৷" নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাংবাদিকক সম্বোধন কৰি এইদৰে মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ৷
অজিত কুমাৰ ভূঞাক অসমীয়া হিচাপে পৰিচয় দিয়াত ঘিন লাগে: দিলীপ শইকীয়া
২৭ নং পূৱ বিলাসীপাৰা সমষ্টিৰ মিত্ৰজোঁট তথা বিজেপিৰ প্ৰাৰ্থী অশোক কুমাৰ সিংহীৰ হৈ নিৰ্বাচনী প্ৰচাৰত বহু গুৰুত্ব মন্তব্য আগবঢ়ায় সাংসদ দিলীপ শইকীয়াই । মৌলানা বদৰুদ্দিন আজমলৰ গামোচা দলিওৱা কাণ্ডকলৈ সাংসদ অজিৎ কুমাৰ ভূঞাই কৰা মন্তব্যৰ বিৰুদ্ধে সাংসদ দিলীপ শইকীয়াই কয় যে, অজিত কুমাৰ ভূঞাক অসমীয়া হিচাপে পৰিচয় দিয়াত ঘিন লাগে ।
ত্ৰিপুৰাত মেথোনৰ ছাল, মাংসসহ এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ
ত্ৰিপুৰাত মেথোনৰ ছালসহ এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰে বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে । ধৃত চোৰাংচিকাৰীটোৰ পৰা মেথোনৰ মাংসও জব্দ কৰা হয় । শুক্ৰবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল আকাশ ত্ৰিপুৰা নামৰ চোৰাংচিকাৰীটোক আৰু আদালতে জামিন আবেদন মঞ্জুৰ কৰে ১৯ বছৰীয়া আকাশৰ ।
'গুডবাই'ত বিগ বিৰ সৈতে অভিনয় কৰিছে ৰশ্মিকা মণ্ডানাই
বৃহস্পতিবাৰৰ পৰা দৃশ্যগ্ৰহণ আৰম্ভ হৈছে মেগাষ্টাৰ অমিতাভ বচ্চন আৰু দক্ষিণ ভাৰতীয় ছবি জগতৰ অভিনেত্ৰী ৰশ্মিকা মণ্ডানা অভিনীত ছবি 'গুডবাই'ৰ । ছবিখনত ৰশ্মিকাই বিগ বিৰ কন্যাৰ চৰিত্ৰ ৰূপায়ণ কৰিছে । অমিতাভ বচ্চনৰ সৈতে অভিনয় কৰিবলৈ পাই যথেষ্ট আনন্দিত বুলি মন্তব্য কৰিছে ৰশ্মিকাই ।
মিয়ামি অ'পেন ফাইনেলত ইটালীৰ ১৯ বছৰীয়া য়ানিক চিনাৰ
মিয়ামি পুৰুষৰ ফাইনেলত উপনিত হৈছে প্ৰাক্তন জুনিয়ৰ স্কিইং চেম্পিয়ন য়ানিক চিনাৰ । চিনাৰে ফাইনেলত পোলেণ্ডৰ হুবাৰ্ট হুৰ্কাজৰ মুখামুখি হ'ব । মহিলাৰ পক্ষত ১ নম্বৰ স্থানত থকা এশ্ব বাৰ্টিয়ে শনিবাৰে তেওঁৰ দ্বিতীয় মিয়ামি খিতাপৰ বাবে ৮ নম্বৰ স্থানত থকা বিয়াংকা আণ্ড্ৰেস্কুৰ বিৰুদ্ধে খেলিব ।