ETV Bharat / state

Teaching on public forums: নলবাৰীত ৰাজহুৱা মঞ্চত পাঠদান

author img

By

Published : Oct 15, 2022, 3:46 PM IST

ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়ণৰ ফোঁপোলা স্বৰূপ উদঙালে নলবাৰীৰ এখন প্ৰাথমিক বিদ্যালয়ে(No development in Nalbari school) । শ্ৰেণীকোঠাৰ অভাৱত ৰাজহুৱা মঞ্চতে বহি প্ৰাথমিক শিক্ষাগ্ৰহণ কৰে ছাত্ৰ-ছাত্ৰীয়ে(Teaching on public forums) ।

teaching at public forum in nalbari
Teaching on public forums: নলবাৰীত ৰাজহুৱা মঞ্চত পাঠদান

নলবাৰী,১৫ অক্টোবৰ: ৰাজ্যৰ শিক্ষাখণ্ডৰ গুণগত মানদণ্ড উন্নত কৰিবলৈ ৰাজ্যজুৰি অনুষ্ঠিত কৰা হয় গুণোৎসৱ । কিন্তু এই গুণোৎসৱৰ পাছতেই পোহৰলৈ আহিছে ৰাজ্যৰ শিক্ষাখণ্ডৰ অনগ্ৰসৰতাৰ বহু ছবি ৷ বহু বিদ্যালয়ত এতিয়াও উন্নত আন্তঃগাঁথগাঁনি আৰু উপযুক্ত সা-সুবিধাৰ অভাৱ ৷ এতিয়াও পৰ্যাপ্ত সা-সুবিধা লাভ নকৰা এখন বিদ্যালয় এতিয়া চৰ্চিত (Nalbari school deprive of good facilities)।

নলবাৰীত ৰাজহুৱা মঞ্চত পাঠদান

নলবাৰী জিলাৰ মুকালমুৱাৰ এখন চৰকাৰী বিদ্যালয়ৰ দুৰাৱস্থাৰ ছবিয়ে উদঙাইছে শিক্ষা বিভাগৰ উন্নয়ণৰ ফোঁপোলা স্বৰূপ । বিদ্যালয়খনত শ্ৰেণী কোঠাৰ অভাৱত ৰাজহুৱা মঞ্চ এখনত চলিছে পাঠদান(Nalbari school lacks classrooms) । বৰক্ষেত্ৰী শিক্ষা খণ্ডৰ অধীনস্থ পুৰান আখিয়া প্ৰাথমিক বিদ্যালয়ত নাই পৰ্যাপ্ত শ্ৰেণীকোঠা । যাৰফলত ৰাজহুৱা মঞ্চ এখনতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছে শিক্ষাৰ্থী সকলে । বিদ্যালয়খনৰ জৰাজীৰ্ণ পুৰণি গৃহটোত আছে মাত্ৰ দুটা শ্ৰেণীকোঠা । ইফালে বিদ্যালয়খনত ২৭৯ গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান দি আহিছে মাত্ৰ ৫ গৰাকী শিক্ষকে ।

আনহাতে বিদ্যালয়খনৰ প্ৰস্ৰাৱগাৰ আৰু শৌচালয়ৰ অৱস্থাও পঁয়ালগা । বিভিন্ন সমস্যাৰ মাজতে শিক্ষকসকলে বিদ্যালয়খনৰ ছাত্র-ছাত্ৰী সকলক কষ্টৰে দি আহিছে নিয়মিত শিক্ষাদান । বিদ্যালয়খনৰ শিক্ষকসকলৰ শিক্ষা ব্যৱস্থা ভাল হোৱা বাবে অন্য বিদ্যালয়তকৈ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট বেছি বুলি জানিব দিয়ে স্থানীয়লোকসকলে । কিন্তু ইমানৰ পাছতো বিদ্যালয়খন বঞ্চিত হৈ আহিছে বিভিন্ন চৰকাৰী সা-সুবিধাৰ পৰা(No development in Nalbari school) ।

উল্লেখ্য যে যিটো সময়ত ৰাজ্য চৰকাৰে চৰকাৰী শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ বিভিন্ন ব্যৱস্থা হাতত লৈ উন্নয়নৰ ঢাক-ঢোল বজাই আহিছে ঠিক তেনে সময়তে মুকালমুৱাৰ পুৰান আখিয়াৰ এইখন প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঠনিৰ ছবিয়ে উদঙাইছে চৰকাৰী বিদ্যালয়ৰ প্ৰকৃত ৰূপ । বিদ্যালয়খনৰ আন্তঃগাঠনি উন্নত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী অনুপাতে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিবলৈ চৰকাৰ তথা শিক্ষা বিভাগক অনুৰোধ জনাইছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে স্থানীয়লোক সকলে ।

উল্লেখ্য যে নলবাৰীৰ বিভিন্ন প্ৰান্তত বিদ্যালয়সমূহৰ শোচনীয় ছবি সময়ে সময়ে পোহৰলৈ আহিছে । নলবাৰীৰে অন্য এক শিক্ষানুষ্ঠান মাকালডোৱা প্ৰাথমিক বিদ্যালয় কথাও কিছু দিন পূৰ্বে পোহৰলৈ আহিছিল । এটা সৰু জুপুৰী সদৃশ গৃহতে শিক্ষাগ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীসকলে । দুগৰাকী শিক্ষকে প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলক । সততে উন্নয়ণৰ ঢাক-ঢোল বজোৱা চৰকাৰখনে কেতিয়াকৈ গুৰুত্ব দিব এই সমূহ বিষয়ত, সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়ক: Online ticket booking in Kaziranga : কাজিৰঙাত পৰ্যটকৰ ৰ্য বাবে মুকলি অনলাইন টিকট বুকিং প্ৰক্ৰিয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.