ETV Bharat / state

সুলভ মূল্যৰ কেৰাচিন চুৰ কৰি আৰক্ষীৰ জালত সমবায় সমিতিৰ সচিব

দৰিদ্ৰ লোকৰ বাবে চৰকাৰে যোগান ধৰা সুলভ মূল্যৰ সামগ্ৰীত চকু পৰিছে একাংশ দুষ্ট লোকৰ ৷ এই ধৰণৰ ঘটনা সংঘটিত কৰি আৰক্ষীৰ জালত পৰিছে সমবায় সমিতিৰ সচিব ৷

author img

By

Published : Jul 4, 2021, 10:58 PM IST

secretary-of-cooperative-society-arrested-for-stealing-kerosin-oil
সুলভ মুল্যৰ কেৰাচিন চুৰ কৰি আৰক্ষীৰ জালত সমবায় সমিতিৰ সচিব

নলবাৰী, 4 জুলাই : ক'ভিড সৃষ্ট ভয়াৱহ পৰিস্থিতৰ মাজতে নলবাৰীত শেহতীয়াকৈ ভয়াৱহভাৱে বৃদ্ধি পাইছে তেলচুৰিৰ ঘটনা ৷ ইয়াৰ মাজতে দেওবাৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীৰ অভিযানত আটক হয় ধুৰকুছি সমবায় সমিতিৰ সম্পাদক বসন্ত বেজবৰুৱা ওৰফে বিপুল ৷ লগতে আটক হ’ল আন দুজন তেল চোৰ ৷ দুখীয়া লোকৰ নামত অহা সমাবায় সমিতিৰ কেৰাচিন তেল চুৰি কৰি আৰক্ষীৰ জালত পৰিছে সচিব বসন্ত বেজবৰুৱাসহ মুছলিম আলী আৰু ইমামুল হক ৷

সম্প্ৰতি তিনিওজনকে ঘগ্ৰাপাৰ আৰক্ষী থানাত সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ হাতত থকা এখন দীঘলীয়া তালিকাৰ ভিত্তিত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে AS14A C-1225 নম্বৰৰ টেম্প ভান সহ প্ৰায় 600 লিটাৰ কেৰাচিন তেল জব্দ কৰাৰ পিছতে পোহৰলৈ আহিছে সমাবায় সমিতিৰ বৃহৎ ক’লা বজাৰখনৰ তথ্য ৷

উল্লেখনীয় যে, সমগ্ৰ অসমতে এই ধৰণে ভয়াৱহভাৱে বৃদ্ধি পাইছে দৰিদ্ৰ লোকৰ বাবে চৰকাৰে যোগান ধৰা সুলভ মূল্যৰ সামগ্ৰীত কেলেংকাৰী সংঘটিত হোৱাৰ ঘটনা ৷ শেহতীয়াকৈ এই বিষয়ত সৰৱ হৈছে ৰাজ্য চৰকাৰৰ লগতে যোগান বিভাগ ৷ ইতিমধ্যেই ৰেচন কাৰ্ডৰ ভুৱা হিতাধিকাৰী সকলৰ বিৰুদ্ধে বিশেষ ভাৱে সৰৱ হৈ পৰিছে যোগান বিভাগ ৷ শীঘ্ৰেই ভুৱা হিতাধিকাৰী সকলক ৰেচন কাৰ্ড ঘূৰাই দিয়াৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে যোগান মন্ত্ৰী ৰঞ্জিত দাসে ৷

লগতে পঢ়কঃ আৰক্ষী বিষয়াৰ ঘৰত চোৰে চলালে হাত চাফাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.