নলবাৰী, ৩০ জানুৱাৰী: ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ-বীৰাংগনাসকলৰ স্মৃতিত সমগ্ৰ দেশৰ লগতে নলবাৰী জিলা প্ৰশাসনে শ্বহীদ দিৱস পালন কৰে । শনিবাৰে দিনৰ ১১ বজাত নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত পালন কৰা হয় শ্বহীদ দিৱস ।
জিলা উপায়ুক্ত সমন্বিতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়া আৰু উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে শ্বহীদ দিৱস উপলক্ষে দুই মিনিট সময় মৌনতা অৱলম্বন কৰে । ইয়াৰ পূৰ্ৱে জিলা উপায়ুক্তৰ কাৰ্যালয়ত থকা গান্ধী মূৰ্তিৰ বেদীত বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পন কৰে সাংসদ নৱ শৰণীয়া আৰু উপায়ুক্ত পূৰৱী কোৱঁৰে ।
![নলবাৰী জিলা প্ৰশাসনৰ শ্বহীদ দিৱস পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-02-30jan-sahid-divas-photo-as10004_30012021151355_3001f_1611999835_354.jpg)
নলবাৰী জিলাৰ আন আন বিভাগীয় কাৰ্যালয়তো শ্বহীদ দিৱস উপলক্ষে ২ মিনিট সময় মৌনতা অৱলম্বন কৰা হয় ।
উল্লেখ্য যে, ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ-বীৰাংগনাসকলৰ স্মৃতিত সমগ্ৰ দেশতে পালন কৰা হয় শ্বহীদ দিৱস । তাৰ সমান্তৰালকৈ ৰাজ্যতো পালন কৰা হৈছে শ্বহীদ দিৱসৰ এই কাৰ্যসূচী ।
লগতে পঢ়ক:গুৱাহাটীত চুইগী কৰ্মচাৰীৰ প্ৰতিবাদ