নলবাৰী, 13 আগষ্টঃ জুবিন গাৰ্গ প্ৰসংগত মন্তব্য আগবঢ়াইছে প্ৰাক্তন বিজেপি নেতা তথা বৰ্তমানৰ কংগ্ৰেছী নেতা আৰ পি শৰ্মাই ৷ শৰ্মাই জুবিন গাৰ্গক জিলাই জিলাই গৈ মদ বন্ধৰ বাবে অভিযান চলাবলৈ আহ্বান জনায় ৷ জুবিনে সেই কাম কৰিব পাৰিলে মালা পিন্ধাব বুলি আৰ পি শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
লগতে জুবিন গাৰ্গক আক্ৰমণ প্ৰসংগত আৰ পি শৰ্মাই কয় যে, জুবিন গাৰ্গ অসমৰ সম্পদ ৷ জুবিনক আক্ৰমণ কৰা ঘটনাটো দুৰ্ভাগ্যজনক ৷
আনহাতে আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলে ৮০ খন আসন লাভ কৰিব বুলিও আৰ পি শৰ্মাই প্ৰকাশ কৰে ৷ ইপিনে এ আই ইউ ডি এফ ৰ লগত মিত্ৰতা প্ৰসংগত কয় যে, দলটোৰ সৈতে মিত্ৰতা হলেও কোনোধৰণৰ সমস্যা নাই ৷
সমান্তৰালভাৱে আৰ পি শৰ্মাই কয় যে, বিজেপিয়ে মিছন 100 সপোন এনেই দেখি আছে ৷
ইপিনে ৰাজীৱ ভৱনত এন এচ ইউ আই, যুৱ কংগ্ৰেছ-মহিলা কংগ্ৰেছ সকলক লৈ এখন দলীয় সভা অনুষ্ঠিত কৰা হয় ৷ আজিৰ এই সভাত জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ প্ৰমুখ্যে বহু কেইজন লোক উপস্থিত থাকে ৷
লগতে পঢ়কঃ উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ 7 গৰাকী আৰক্ষী বিষয়ালৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী পদক