নলবাৰী, ২৮ এপ্ৰিল: বৃহস্পতিবাৰে নিশা মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাক দুৰ্বৃত্তই হত্যাৰ অপচেষ্টা চলাইছিল । ফেচবুকত ভাবুকি দিয়া মূল অভিযুক্ত জিন্টু মেধিক গ্ৰেপ্তাৰ কৰিছে মুকালমুৱা আৰক্ষীয়ে ৷ সৰ্থেবাৰী আৰক্ষী থানাৰ কাৱৈমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় জিন্টু মেধিক ।

ইতিমধ্যে জিন্টু মেধিক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে অন্য জড়িতসকলক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।