ETV Bharat / state

Arunodoi scheme scam: নলবাৰীত অৰুণোদয় আঁচনিত ব্যাপক দুৰ্নীতি

author img

By

Published : Mar 6, 2023, 10:43 PM IST

নলবাৰীৰ বৰক্ষেত্ৰীত অৰুণোদয় আঁচনিত ব্যাপক দুৰ্নীতি । বৰক্ষেত্ৰীৰ কুৰিহামাৰী বৰচুলীয়া পঞ্চায়তত এইবাৰ দৰিদ্ৰ লোকক বঞ্চিত কৰি ধনিক শ্ৰেণীৰ লোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ গুৰুতৰ অভিযোগ (Arunodoi scheme scam in Nalbari) ।

Arunodoi scheme scam
নলবাৰীত অৰুণোদয় আঁচনিত ব্যাপক দুৰ্নীতি
নলবাৰীত অৰুণোদয় আঁচনিত ব্যাপক দুৰ্নীতি

নলবাৰী, ৬ মাৰ্চ : নলবাৰীৰ বৰক্ষেত্ৰীত চৰকাৰী আঁচনিৰ নামত অব্যাহত আছে ধাৰাবাহিক দুৰ্নীতি । এইবাৰ পোহৰলৈ আহিছে অৰুণোদয় আঁচনিৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ তথ্য । দৰিদ্ৰক বঞ্চিত কৰি অৰুণোদয় আঁচনিৰ লাভ আদায় কৰিছে দালাল মধ্যভোগীৰ পৰিয়ালে (Arunodoi scheme scam in Nalbari)।

বৰক্ষেত্ৰী সমষ্টিৰ প্ৰান্তে প্ৰান্তে দালাল আৰু মধ্যভোগীৰ কৱলত এতিয়া চৰকাৰী আঁচনি । কৰবাত যদি হিতাধিকাৰীৰ বিপৰীতে অন্য লোকৰ একাউন্টেৰে ধন সৰকাইছে , আন কৰবাত আকৌ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি একাংশ লোকক হিতাধিকাৰী সজাই দালাল মধ্যভোগীয়ে সৰকাই আহিছে চৰকাৰী ধন । এইবাৰ আন এক দুৰ্নীতি সংঘটিত হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীত (Corruption in Assam arunodoi scheme)।

ৰাজ্য চৰকাৰে দৰিদ্ৰ, বিধৱা লোক সকলৰ বাবে ঘোষণা কৰা অৰুণোদয় আঁচনিত দৰিদ্ৰ লোকক বঞ্চিত কৰি কুৰিহামাৰী বৰচুলীয়া গাওঁ পঞ্চায়তত ধনিক শ্ৰেণীৰ লোকে আঁচনি লাভ কৰাৰ অভিযোগ উত্থাপিত হৈছে । জিলাখনৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ অধীনস্থ কুৰিহামাৰী বৰচুলীয়া গাওঁ পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি । অৰুণোদয় আঁচনিত দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ বঞ্চিত ভুক্তভোগী হিতাধিকাৰীয়ে (Protest over alleged corruption of Orunodoi scheme) ।

লগতে পঢ়ক : Ban on powerloom gamocha: মেচিনত তৈয়াৰী গামোচা নিষিদ্ধকৰণৰ পিচতে দুগুণ উদ্যমেৰে তাঁতশালত বহিছে শিপিনী

অৰুণোদয় আঁচনি ৰূপায়ণত আঞ্চলিক পঞ্চায়তৰ সদস্য লোকমান আলীয়ে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন হৈছে । লোকমান আলীৰ লগতে কেইবাজনো পঞ্চায়ত প্ৰতিনিধিয়ে নিজৰ পৰিয়ালৰ লোকক অৰুণোদয় আঁচনিৰ ধন প্ৰদান কৰি দৰিদ্ৰ লোকক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ইয়াতেই ক্ষুণ্ণ হৈ পৰে সমষ্টিটোৰ প্ৰাপ্য বঞ্চিত হিতাধিকাৰীসকল ৷

যাৰ ফলত অঞ্চলটোৰ একাংশ মহিলাই অতিষ্ঠ হৈ পঞ্চায়ত প্ৰতিনিধি হায় হায় শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দুৰ্নীতিগ্ৰস্থ পঞ্চায়ত কৰ্মীক গ্ৰেপ্তাৰৰ দাবী তোলে । দুৰ্নীতিত জড়িত লোকৰ বিৰুদ্ধে তদন্ত কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় কুৰিহামাৰীৰ দৰিদ্ৰ লোক সকলে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.