ETV Bharat / state

Magh Bihu 2023: নলবাৰীত পুৱতি নিশাৰে পৰা মাছ বজাৰত লোকে লোকাৰণ্য - নলবাৰীৰ মাছৰ বজাৰ

আজি উৰুকা (Magh Bihu 2023)। উৰুকাৰ নিশা মেজীৰ ওচৰত লগে ভাগে এসাজ খোৱাৰ বাবে সাজু অসমীয়া । উৰুকাৰ নিশা এসাজ খোৱাৰ উদ্দেশ্যেৰে সহস্ৰাধিক লোকে নলবাৰীৰ মাছৰ বজাৰত পুৱতি নিশাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয় ।

People gather in Nalbari fish market
নলবাৰীৰ মাছৰ বজাৰত সহস্ৰাধিক লোকৰ সমাগম
author img

By

Published : Jan 14, 2023, 1:50 PM IST

নলবাৰীৰ মাছৰ বজাৰত সহস্ৰাধিক লোকৰ সমাগম

নলবাৰী, ১৪ জানুৱাৰী: ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক উচাহ । আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকা । উৰুকাৰ নিশা মাছে মঙহে এসাজ খোৱাৰ পৰাম্পৰা চহা অসমীয়াৰ । উৰুকাৰ নিশা মেজীৰ ওচৰত লগে ভাগে এসাজ খোৱাৰ উদ্দেশ্যেৰে পুৱতি নিশাৰে পৰা নলবাৰীৰ মাছৰ বজাৰত সহস্ৰাধিক লোকৰ সমাগম (Uruka festival celebrates in Nalbari) ।

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নলবাৰীতো পুৱতি নিশাৰে পৰা বিভিন্ন প্ৰকাৰৰ মাছেৰে ভৰি পৰিছে বজাৰ । বজাৰৰ ডাঙৰ মাছটো ক্ৰয় কৰিবলৈ পুৱতি নিশাৰে পৰা নলবাৰীৰ বজাৰত যথেষ্ট সংখ্যক লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে (Happy Magh Bihu 2023) । মেজিৰ বাকৰিত এসাজ খোৱাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে ৰাজ্যবাসীৰ লগতে নলবাৰীবাসীৰো ।

লগতে পঢ়ক: Uruka of Bhogali Bihu : তৰাজান মাছ বজাৰত উপলব্ধ ২০ ৰ পৰা ২৫ কেজি ওজনৰ মাছ

বিশেষকৈ নলবাৰীৰ মাছ বজাৰত আজি পুৱতি নিশাৰে পৰা সহস্ৰাধিক লোকৰ ব্যাপক ভিৰ হোৱা দেখিবলৈ পোৱা যায় । নিশাৰ ভাগত উৰুকাৰ সাজৰ বাবে মাছ ক্ৰয় কৰিবলৈ ওলাই আহে বিভিন্ন জন । ৰৌ, ভকুৱা, চিতল, আৰি মাছৰ উজান উঠে সন্ধিয়াৰ ভাগত মাছৰ বজাৰত ।

নলবাৰীৰ মাছৰ বজাৰত ৰৌ, বৰালি, চিতল, ভকুৱা ক্ৰয় কৰি নলবাৰীবাসীয়ে উৰুকা পালনৰ প্ৰস্তুতিত ব্যস্ত হৈ থকাৰ দৃশ্য দেখিবলৈ পোৱা যায় (Magh Bihu celebrates in Nalbari)। নলবাৰীৰ বজাৰতো ওলাইছে ১০ ৰ পৰা ১৫ কেজি ওজন পৰ্যন্ত বৰালি, আৰি মাছকে ধৰি ভিন্ন মাছ । কোনোবাই ৫ কেজি ওজনৰ ৰৌ, কোনোবাই চিতল, কোনোবাই আকৌ বৰালি ক্ৰয় কৰিলে নলবাৰীৰ মাছ বজাৰত ।

নিশা তৃপ্তিৰে এসাজ খোৱাৰ বাবে মাছ বজাৰ পৰিচালনা সমিতিয়ে জনোৱা মতে বৰালি মাছৰ দাম 1 কেজি 1100 টকা, চিতল মাছ 900 টকা বুলি জানিবলৈ দিয়ে । মুঠৰ ওপৰত সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে অসমীয়াৰ মাজত (Assamese people celebrates Magh Bihu) । কাৰণ এয়া ভোগৰ উৎসৱ ভোগালী (Magh Bihu 2023) ।

লগতে পঢ়ক: Magh Bihu 2023: নগাঁৱত মীন বিভাগৰ উদ্যোগত বিহু উপলক্ষ্যে সুলভ মূল্যত মাছৰ বজাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.