পাঠশালা,৩ জুলাই: গুৱাহাটীৰ ইন্দ্ৰপুৰৰ জ্যোতি ছ'চাইটিৰ প্ৰশংসনীয় পদক্ষেপ ৷ কামৰূপ জিলা(মহানগৰ)ৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থাটোৱে এগৰাকী দৰিদ্ৰ প্ৰতিভাসম্পন্ন কৃতি ছাত্ৰক পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰে ৷ শিয়ালমাৰী চুবুৰীৰ উজ্জ্বল দাস নামৰ ছাত্ৰজনে বিগত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অসমীয়া,ৰাজনীতি বিজ্ঞান,তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়ত লেটাৰ মাৰ্কসহ ৮৪ শতাংশ নম্বৰলৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয় । কিন্তু আৰ্থিক দৈন্যতাৰ বাবে উচ্চশিক্ষা লাভৰ ক্ষেত্ৰত বাধাই দেখা দিছিল ছাত্ৰ জনক ৷ তেনে সময়তে গাঁওখনৰে এগৰাকী সচেতন যুৱক প্ৰভাত দাসে বিষয়টো গুৱাহাটীৰ জ্যোতি ছ'চাইটিক অৱগত কৰে ৷ তাৰ পিছতেই সংস্থাটোৱে ছাত্ৰজনৰ পঢ়াৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে ৷
দৰিদ্ৰ মেধাৱী ছাত্ৰ উজ্জ্বল দাসৰ কাষত জ্যোতি ছ'চাইটি
উজ্জ্বল দাস নামৰ ছাত্ৰজনে বিগত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অসমীয়া, ৰাজনীতি বিজ্ঞান, তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়ত লেটাৰ মাৰ্কসহ ৮৪ শতাংশ নম্বৰৰে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল । কিন্তু আৰ্থিক দৈন্যতাৰ বাবে উচ্চশিক্ষা লাভৰ ক্ষেত্ৰত বাধাই দেখা দিছিল ছাত্ৰ জনক ৷
পাঠশালা,৩ জুলাই: গুৱাহাটীৰ ইন্দ্ৰপুৰৰ জ্যোতি ছ'চাইটিৰ প্ৰশংসনীয় পদক্ষেপ ৷ কামৰূপ জিলা(মহানগৰ)ৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থাটোৱে এগৰাকী দৰিদ্ৰ প্ৰতিভাসম্পন্ন কৃতি ছাত্ৰক পঢ়োৱাৰ দায়িত্ব গ্ৰহণ কৰে ৷ শিয়ালমাৰী চুবুৰীৰ উজ্জ্বল দাস নামৰ ছাত্ৰজনে বিগত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অসমীয়া,ৰাজনীতি বিজ্ঞান,তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়ত লেটাৰ মাৰ্কসহ ৮৪ শতাংশ নম্বৰলৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয় । কিন্তু আৰ্থিক দৈন্যতাৰ বাবে উচ্চশিক্ষা লাভৰ ক্ষেত্ৰত বাধাই দেখা দিছিল ছাত্ৰ জনক ৷ তেনে সময়তে গাঁওখনৰে এগৰাকী সচেতন যুৱক প্ৰভাত দাসে বিষয়টো গুৱাহাটীৰ জ্যোতি ছ'চাইটিক অৱগত কৰে ৷ তাৰ পিছতেই সংস্থাটোৱে ছাত্ৰজনৰ পঢ়াৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে ৷
দৰিদ্ৰ সীমাৰেখাৰ তলৰ কৃতি ছাত্ৰক পঢ়োৱাৰ দায়িত্ব গ্ৰহণ
কৃতি ছাত্ৰ উজ্জ্বল দাসৰ উচ্চ প্ৰশাসনিক বিষয়া হোৱাৰ মনBody:
পাঠশালা,৩জুলাই:কামৰূপ জিলা(মহানগৰ)ৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা জ্যোতি চ'চাইটিৰ উদ্যোগত আজি বজালী মহকুমাৰ অন্তৰ্গত উত্তৰ শিয়ালমাৰী চুবুৰীৰ এগৰাকী প্ৰতিভাসম্পন্ন কৃতি ছাত্ৰ উজ্জ্বল দাসৰ পঢ়াৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিবলৈ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰে।উল্লেখ্য যে শিয়ালমাৰী চুবুৰীৰ ৰুগীয়া পিতৃ দ্বীপেন দাস আৰু মাতৃ দিপালী দাসৰ একমাত্ৰ সন্তান উজ্জ্বল দাসে বিগত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা শাখাৰ চূড়ান্ত পৰীক্ষাত অসমীয়া,ৰাজনীতি বিজ্ঞান,তৰ্ক বিজ্ঞান আৰু দৰ্শন বিষয়ত লেটাৰ মাৰ্কসহ ৮৪ শতাংশ নম্বৰলৈ প্ৰথম বিভাগত উত্তীৰ্ণ হয়।কিন্তু অতি পৰিতাপৰ কথা যে এগৰাকী উচ্চ প্ৰশাসনিক বিষয়া হোৱাৰ প্ৰবল হেপাহ থকা কৃতি ছাত্ৰ উজ্জ্বল দাসৰ ঘৰুৱা অভাৱৰ বাবে পঢ়া-শুনাৰ বাবে লাগতিয়াল সামগ্ৰীবোৰ ৰুগীয়া পিতৃয়ে যোগান ধৰাটো সম্ভৱপৰ নাছিল।যাৰ বাবে এগৰাকী প্ৰতিভাসম্পন্ন ছাত্ৰ থমকি ৰৱলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল।কিন্তু গাঁওখনৰে এগৰাকী সচেতন যুৱক প্ৰভাত দাসে বিষয়টো গুৱাহাটীৰ জ্যোতি ছ'চাইটিৰ সম্পাদক তৰনী বৈশ্যক অৱগত কৰাৰ লগে লগেই ক্ষীপ্ৰ পদক্ষেপ গ্ৰহণ কৰি কৃতি ছাত্ৰ উজ্জ্বল দাসৰ পঢ়াৰ সমস্ত দায়িত্ব মুৰ পাতি লয়।
Conclusion:বাইট-২
ভিডিঅ'-২
ফটো-১
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি