ETV Bharat / state

চিকিৎসাকৰ্মীৰ অভাৱত হাহাকাৰ কৰিছে ৰোগীয়ে

author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 5:14 PM IST

নলবাৰীৰ আদাবাৰী আদৰ্শ চিকিৎসালয়ৰ দুৰাৱস্থা । চিকিৎসক,ড্ৰেচাৰ,ফাৰ্মাচিষ্টৰ অভাৱত ৰোগীৰ হাহাকাৰ । শীঘ্ৰে পৰ্যাপ্ত চিকিৎসক, স্বাস্থ্য কৰ্মী, ড্ৰেচাৰ তথা ফাৰ্মাচিষ্ট নিয়োগ কৰাৰ দাবী স্থানীয় ৰাইজৰ ।

Pathetic condition of model hospital at Adabari in Nalbari
চিকিৎসাকৰ্মীৰ অভাৱত হাহাকাৰ কৰিছে ৰোগীয়ে
চিকিৎসাকৰ্মীৰ অভাৱত হাহাকাৰ কৰিছে ৰোগীয়ে

নলবাৰী,১৪ ডিচেম্বৰ: ৰাজ্যত স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে চিকিৎসালয় সমূহত অনুষ্ঠিত কৰিছে স্বাস্থ্যসেৱা উৎসৱ । স্বাস্থ্যসেৱা উৎসৱত চিকিৎসালয়,স্বাস্থ্য কেন্দ্ৰসমূহত উচ্চ পদস্থ বিষয়াই পৰিদৰ্শন কৰি বিভিন্ন সমস্যাৰ বুজ লোৱা দেখা গৈছিল । নলবাৰীৰ এখন চিকিৎসালয়ৰ দুৰাৱস্থাই উদঙাইছে গ্ৰামাঞ্চলৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ প্ৰকৃত ছবি ।

নলবাৰী জিলাৰ আদাবাৰীস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত নাই পৰ্যাপ্ত চিকিৎসক,ফাৰ্মাচিষ্ট,ড্ৰেচাৰ, স্বাস্থ্য কৰ্মী, প্ৰয়োজনীয় ঔষধ নাপাই হাহাকাৰ কৰিবলগীয়া হৈছে ৰোগীয়ে । পূৱ বৰক্ষেত্ৰী মৌজাৰ লোকসকলৰ বাবে এইখন চিকিৎসালয়ে হৈছে একমাত্ৰ ভৰসাৰ স্থল । কোনো লোকৰ দুৰ্ঘটনা বা যিকোনো ঘটনাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়খনলৈ আহিলে তেওঁলোকক সেৱা আগবঢ়াবলৈ চিকিৎসালয়খনত নাই এজনো ড্ৰেচাৰ ।

বৃহৎ অট্টালিকাৰে স্থাপন কৰা চিকিৎসালয়খনত প্ৰাপ্ত তথ্য অনুসৰি আছে মাত্ৰ তিনিগৰাকী চিকিৎসক । ইয়াৰে এগৰাকী অস্থায়ী হিচাপে কৰ্মৰত হৈ আছে । জানিব পৰা মতে মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এগৰাকী আয়ুৰ্বেদিক ফাৰ্মাচিষ্টে চলাইছে ফাৰ্মাচিষ্ট বিভাগটো । কাগজে-কলমে তিনিগৰাকী ফাৰ্মাচিষ্ট আছে যদিও ইয়াৰে এগৰাকী বৰ্তমান সময়ত ছুটীত আছে আৰু এগৰাকী ফাৰ্মাচিষ্টে অন্য চিকিৎসালয়ত কৰ্মৰত হৈ আছে ।

তথ্য অনুসৰি চলিত বৰ্ষৰ ৬ অক্টোবৰত নলবাৰী জিলা স্বাস্থ্য বিষয়াই কৰপুন নেচা নামৰ ফাৰ্মাচিষ্টগৰাকীক আদাবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত নিযুক্তি দিছিল যদিও এতিয়ালৈকে কৰপুন নেচা নামৰ ফাৰ্মাচিষ্ট গৰাকীয়ে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়তে কৰ্মৰত হৈ আছে । যাৰ ফলত চিকিৎসালয়খনত এগৰাকী আয়ুৰ্বেদিক ফাৰ্মাচিষ্টেৰে চলিছে সম্পূৰ্ণ বিভাগটো ।

উল্লেখযোগ্য যে, আদাবাৰীৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়খন নলবাৰী জিলা আৰু কামৰূপ গ্ৰাম্য জিলাৰ সীমামূৰীয়াত অৱস্থিত হোৱা হেতুকে চিকিৎসালয়খনলৈ নলবাৰী জিলাৰ পূৱ বৰক্ষেত্ৰী অঞ্চলৰ উপৰিও কামৰূপৰ কেইবাখনো গাঁৱৰ লোকে চিকিৎসাৰ বাবে আহে । কিন্তু চিকিৎসালয়খনত চিকিৎসক, ড্ৰেচাৰ, ফাৰ্মাচিষ্টৰ অভাৱত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

অতি শীঘ্ৰেই পৰ্যাপ্ত চিকিৎসক, স্বাস্থ্য কৰ্মী, ড্ৰেচাৰ নিয়োগ কৰাৰ লগতে অন্য চিকিৎসালয়ত কৰ্মৰত ফাৰ্মাচিষ্টগৰাকীক নিজ স্থানলৈ ঘুৰাই অনা, ৰোগীক পৰ্যাপ্ত ঔষধ প্ৰদান কৰাকে ধৰি স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগক আহ্বান জনায় স্থানীয় ৰাইজে ।

লগতে পঢ়ক: শ্বহীদ মুকুন্দ কাকতি চিভিল হাস্পতালৰ পূৰ্বৰ মৰ্যাদা ঘূৰাই দিয়াৰ দাবীত প্ৰতিবাদ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.