ETV Bharat / state

SI কাণ্ডৰ নতুন মোৰ: নিতুল বৰ্মনৰ সন্ধানত আৰক্ষী - SI কাণ্ডৰ নতুন মোৰ: নিতুল বৰ্মনৰ সন্ধানত আৰক্ষী

নতুন মোৰ লৈছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষা কাণ্ডই ৷ উৎখাতৰ দিশে এই কেলেংকাৰীত জড়িত নলবাৰীৰ এটা বৃহৎ চক্ৰ ৷ আৰক্ষীয়ে চলাইছে মাৰাথান অভিযান ৷

New Clue found in SI matter nalbari assam etv bharat news
SI কাণ্ডৰ নতুন মোৰ
author img

By

Published : Sep 27, 2020, 5:12 PM IST

নলবাৰী,27 ছেপ্তেম্বৰ: সমগ্ৰ ৰাজ্য জোকাৰি গৈছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা কাণ্ডৰ কেলেংকাৰীয়ে ৷ ইতিমধ্যে এই কাণ্ডত জড়িত বহুকেইগৰাকী ব্যক্তি জালত পৰিছে আৰক্ষীৰ ৷ ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিছে পাঁচগৰাকীকৈ ব্যক্তিক ৷ ব্যক্তিকেইগৰাকীয়ে এই কাণ্ড সন্দৰ্ভত মুখ খোলাৰ পিছতে ঘটনাই নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে ৷ তদুপৰি নতুনকৈ আন কেইবাগৰাকী ব্যক্তি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ উল্লেখ্য যে,আটকাধীন আটাইকেইগৰাকী ব্যক্তিয়ে থেংক ইউ লজত অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ নলবাৰী আৰক্ষীয়ে প্ৰায় দুদিন পূৰ্বে আটক কৰা কুলদীপ ৰাজবংশীৰ স্বীকাৰোক্তিৰ ভিত্তিত জিলাখনৰ ভিন্ন অঞ্চলৰ পৰা অন্য ব্যক্তি কেইগৰাকীক আটক কৰে ৷ আটকাধীন ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে- হৰকত আলী, সঞ্জীৱ বৰ্মন, মৃদুল বৰ্মন, পাৰ্থপ্ৰতিম পাঠক আৰু ধ্ৰুৱজ্যোতি বৰুৱা ৷

আটকাধীন ব্যক্তি কেইগৰাকীৰ ভাষ্য অনুসৰি, কোচিঙৰ দোহাই দি ব্যক্তি কেইগৰাকীক মহানগৰীলৈ মাতি নিছিল জিলাখনৰ এগৰাকী বিশেষ লোকে ৷ মহানগৰীৰ থেংক ইউ ল’জত 19 ছেপ্তেম্বৰত অনুষ্ঠিত আগতীয়া পৰীক্ষাত প্ৰাৰ্থীসকলক যোগান ধৰা হৈছিল প্ৰশ্নসমূহৰ উত্তৰৰ ৷ এই কথা আৰক্ষীৰ আগত প্ৰকাশ কৰিছে আটকাধীন পৰীক্ষাৰ্থীসকলে ৷ তাৎপৰ্যপূৰ্ণভাৱে এই কাণ্ডত জড়িত বিভিন্ন তথ্য ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে ৷

SI কাণ্ডৰ নতুন মোৰ

তদুপৰি কুলদ্বীপ ৰাজবংশী আৰু কুমুদ গোস্বামীৰ পিছত এইবাৰ নাম ওলাইছে নিতুল বৰ্মনৰ ৷ পাঁচগৰাকীকৈ পৰীক্ষাৰ্থীক নলবাৰী আৰক্ষীয়ে আটক কৰাৰ পিছত ইয়াৰ মাজৰ এগৰাকী পৰীক্ষাৰ্থীয়ে লৈছে নিতুল বৰ্মনৰ নাম ৷ কিন্তু কোন এই নিতুল বৰ্মন, অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা কাণ্ডত ব্যক্তিগৰাকীৰ ভূমিকা কি সেয়া স্পষ্ট হোৱা নাই ৷ নলবাৰী আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে নিতুল বৰ্মনৰ সন্ধানত ৷ আটকাধীন ব্যক্তি কেইগৰাকীক আৰক্ষীৰ নেতৃত্বত দেওবাৰে জিলা আদালতৰ বিশেষ শাখাত হাজিৰ কৰোৱা হৈছে ৷

লগতে চাওকঃ কলগাছিয়াত পোষণ মেলাৰ ভিন্নৰঙী কাৰ্যসূচী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.