ETV Bharat / state

NMC team visits Nalbari Medical College: নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ হাস্পতালত নেচনেল মেডিকেল কাউঞ্চিলৰ দল

author img

By

Published : Feb 28, 2023, 2:19 PM IST

সোমবাৰে নৱনিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় ৰাষ্ট্ৰীয় চিকিৎসা সংস্থাৰ এটা দল (National medical council team at Nalbari) । চিকিৎসা মহাবিদ্যালয়খনে শীঘ্ৰে স্বীকৃতি লাভৰ আশা ৷

National medical council team at Nalbari
নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ হাস্পতাল
নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ হাস্পতাল

নলবাৰী, ২৭ ফেব্ৰুৱাৰী : নলবাৰী মেডিকেল কলেজ হাস্পতালত নেশ্যনেল মেডিকেল কাউঞ্চিলৰ পৰ্যবেক্ষণ । ৰাজ্যৰ স্বাস্থ্য খণ্ডত নতুনকৈ সংযোজন হোৱাৰ দিশে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় । সোমবাৰে নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হয় নেচনেল মেডিকেল কাউঞ্চিলৰ পৰ্যবেক্ষকৰ এটি দল (National medical council team at Nalbari) ।

সোমবাৰৰ ৰাতিপুৱাৰে পৰা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এটা দলে সমগ্ৰ চিকিৎসালয়খন পৰ্যবেক্ষণ কৰে । উল্লেখযোগ্য যে, ২০১৯ চনত জিলাখনৰ ঘগ্ৰাপাৰৰ দক্ষিণ গাঁৱত আধাৰশিলা স্থাপন কৰা হৈছিল চিকিৎসা মহাবিদ্যালয়খনৰ । প্ৰায় তিনি বছৰৰ অন্তত চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঠনি সম্পূৰ্ণ হোৱাত আজিৰে পৰা এমাহ পূৰ্ৱৰে পৰা বহি:বিভাগৰ সকলো চিকিৎসা সেৱা প্ৰদান কৰা হৈ আহিছে চিকিৎসালয়খনত (( Nalbari Medical College Hospital) ) । উল্লেখযোগ্য যে নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খন সম্পূৰ্ণ হোৱাত নলবাৰী অসামৰিক চিকিৎসালয়খনৰ পৰা সকলো বহিঃবিভাগৰ সামগ্ৰী, চিকিৎসক, নাৰ্চ, কৰ্মচাৰীক নলবাৰী মেডিকেল কলেজ হাস্পতালত নিয়োজিত কৰা হৈছিল ।

যাৰ বাবে নলবাৰীত বিক্ষোভৰ জুই জ্বলা দেখিবলৈ পোৱা গৈছিল । নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ সৈতে নৱনির্মিত মেডিকেল কলেজখনক সংলগ্ন কৰাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল নলবাৰীবাসীক (Protest against hospital relocation in Nalbari) ৷ আনকি প্ৰশাসনে প্ৰতিবাদ মষিমূৰ কৰিব নোৱাৰি 144 ধাৰা জাৰি কৰা পৰিলক্ষিত হৈছিল (Section 144 imposed in Nalbari) ৷

চিকিৎসা মহাবিদ্যালয়খন নলবাৰী চহৰৰ পৰা ১৪ কি: মি: দূৰত স্থাপিত হোৱাত সমগ্ৰ নলবাৰী জিলাৰ স্বাস্থ্য সেৱাত একপ্ৰকাৰ হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছিল । তাৰ পিচত অসামৰিক চিকিৎসালয়খনো স্থানান্তৰ কৰিব বুলি শুনি জাঙুৰ খাই উঠিছিল নলবাৰীবাসী ৷

সোমবাৰে নেচনেল মেডিকেল কাউঞ্চিলৰ দলটোৱে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও এই পৰ্যবেক্ষণে এক নতুন আশাৰ ইংগিত বহন কৰা বুলি সকলোৱে ধাৰণা কৰিছে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও মেডিকেল কলেজে (Nagaon medical college get recognised) ৷ যি খবৰে উৎফুল্লিত কৰি তুলিছিল সমগ্ৰ নগাওঁবাসীক ৷ অতি শীঘ্ৰে নলবাৰীৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনেও স্বীকৃতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে নলবাৰীৰ লগতে ৰাজ্যবাসীয়ে ।

লগতে পঢ়ক : Electricity contract workers protest: চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত বিদ্যুৎ কৰ্মীৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.